ৰাজ্যত এতিয়া দিনে-নিশাই হৈ আছে প্ৰৱল বৰষুণ (Rainfall)। এই মুষলধাৰ বৰষুণৰ বাবে ক’ৰবাত হৈছে ভূমিস্খলন, ক’ৰবাত হৈছে কৃত্ৰিম বানপানী। মুঠতে সমগ্ৰ ৰাজ্য এতিয়া কৃত্ৰিম বানপানীৰ কবলত। এইবোৰৰ মাজতে কৰিমগঞ্জত (Karimganj) সংঘটিত হৈছে এক শোকাৱহ ঘটনা (Tragic Incident)।
মুষলধাৰ বৰষুণৰ ফলত চলন্ত অটোৰ ওপৰতে উভালি পৰে এডাল প্ৰকাণ্ড গছ। ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয় অটো চালকে (Auto Driver Died)। বুধবাৰে দুপৰীয়া সংঘটিত হয় এই ঘটনাটো।
জানিব পৰা অনুসৰি, চহৰৰ মাজমজিয়াত থকা অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখতে এই দুৰ্ঘটনা সংঘটিত হয়। কৰুণ মৃত্যুক সাৱটি লোৱা অটোচালকজনৰ নাম আজহাৰ উদ্দিন বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত অটোখনৰ নম্বৰ AS-10AC-5197। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অটো চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-plum-benefits-for-health/9782/
Discussion about this post