অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে ছেবাই আজি অসম হাই মাদ্ৰাছা (Assam High Madrassa Exam Result 2022) পৰীক্ষাৰ ফলাফলো ঘোষণা কৰে। ঘোষিত হাই-মাদ্ৰাছাৰ ফলাফল অনুসৰি শোণিতপুৰ (Sonitpur) জিলাৰ মুফাচ্চিৰ অল হাছানে (Mufassir Al Hasan) ৫৫৬ নম্বৰেৰে শীৰ্ষস্থান দখল কৰে।
বৰপেটা জিলাৰ (Barpeta) ছাদিকা আহমেদ (Sadika Ahmed) আৰু বঙাইগাঁও (Bongaigaon) জিলাৰ মুস্তাক আহমেদে (Mostaque Ahmed) ৫৫০ নম্বৰেৰে শীৰ্ষ স্থান প্ৰাপ্তৰ তালিকাৰ দ্বিতীয় স্থান দখল কৰে। আনহাতে লখিমপুৰ (Lakhimpur) জিলাৰ মিছ শ্বেহনাজ পাৰবিন (Miss Shahanaz Parbin) আৰু নগাঁও জিলাৰ (Nagaon) ইৰছাদুল্লাই (Irshadullah) ৫৪৯ নম্বৰেৰে শীৰ্ষস্থান প্ৰাপ্তৰ তালিকাৰ তৃতীয় স্থান দখল কৰে। হাই-মাদ্ৰাছাৰ শীৰ্ষ স্থানপ্ৰাপ্ত মুফাচ্চিৰ অল হাছান আল-কাউচেৰ মডেল একাডেমীৰ ছাত্ৰ।
Photo: Khatang Khobor
Discussion about this post