ধেমাজি (Dhemaji) কেকুৰিত (Kekuri) ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত (Two Person Died)। দুৰ্ঘটনাটোত আহত হোৱা এগৰাকী মহিলাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও আদবাটতে মৃত্যুক সাৱটে।
সোমবাৰে পুৱা ধেমাজি জিলাৰ (Dhemaji) পানীতোলা ৰে’ল ক্ৰচিঙত (Panitula Train Crossing) নাহৰলগুনৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ৰে’লে পানীতোলাত থকা উন্মোক্ত ৰে’ল ক্ৰচিং পাৰ হ’বলৈ লওঁতেই এখন স্কৰপিঅ’ গাড়ীক মহতিয়াই নিয়াৰ ফলত গাড়ী খনত থকা ডিম্পল বুঢ়াগোঁহাই নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে অন্য এগৰাকী মহিলা নিৰ্মলা দলেক সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু ৰাস্তাতে কৰুণ মৃত্যুক সাৱটি লয়।
মৃত ডিম্পল বুঢ়াগোহাঁই ঘৰ কেকুৰিত আৰু নিৰ্মলা দলে ঘৰ কেকুৰি মিছিং গাঁৱত বুলি জানিব পৰা গৈছে। উত্তেজিত ৰাইজে পিছত জোনাই পৰা তেজপুৰ অভিমুখে আহি থকা ৰে’লখন অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত (Locals Protest) কৰে। স্থানীয় ৰাইজে ৰে’ল অৱৰোধৰ জৰিয়তে বহুবাৰ চৰকাৰক এখন চৰকাৰী ৰে’লগেট স্থাপন কৰিব লাগে বুলি দাবী জনাই আহিছে যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে প্ৰতিবাদী ৰাইজে।
Photo & Input: গিৰিশ বৰুৱা
Discussion about this post