এক শিহৰণকাৰী দৃশ্য (Sensational Video)। ভূমি কেন্দ্ৰিক (Land Clash) বিবাদৰ পৰিণতি। এফালৰ পৰা ভাঙি গ’ল ঘৰৰ আচবাব। হাতত জোং-জাঠি লৈ দুই পক্ষৰ মাজত তুমুল সংঘৰ্ষ।
মানৱ ৰূপী এইসকল দানৱে, হাতে-হাতে দা-লাখুটি লৈ শক্তিৰ বলত বলীয়ান হৈ, এটি অসহায় পৰিয়ালৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ কৰি গৈছে। অশুৰৰ বংশধৰ এইসকল দানৱে চাওক কেনেদৰে ঘৰৰ আগফালৰ গছ-গছনি ধ্বংস কৰি গৈছে। একাংশই আকৌ ঘৰৰ খিৰিকীৰ গ্লাছ ভাঙি চূৰমাৰ কৰে। সচাঁকৈয়ে, মানৱতাৰ মূল্যবোধ এতিয়া সমাজৰ পৰা নাইকিয়া হৈ গৈছে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ (Nagaon District) বটদ্ৰৱা আৰক্ষী থানাৰ (Batadrava Police Station) অন্তৰ্গত ধনীয়াভেটি গাঁৱত।
জানিব পৰা মতে, মাটি-বাৰীক কেন্দ্ৰ কৰি, ধনীয়াভেটি গাঁৱৰ দুই পক্ষৰ মাজত বিগত দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল। আৰু যোৱা সোমবাৰে ধনীয়াভেটি গাঁৱৰ আব্দুল মতিন আৰু মুছলেম উদ্দিনৰ নেতৃত্বত অহা এটি গুণ্ডা বাহিনীৰ দলে এনেদৰেই ধনীয়াভেটি গাঁৱৰ নজৰুল ইছলামৰ ঘৰত আক্ৰমণ কৰে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী (Batadrava Police) থানাত এজাহাৰ দাখিল কৰিছে যদিও বটদ্ৰৱা আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। বটদ্ৰৱা আৰক্ষীয়ে দোষীক আটক কৰি এৰি দিয়াৰ পৰিৱৰ্তে নিৰ্দোষীক আটক কৰি ৰাখিছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post