নাওবৈচাৰ (Naoboicha) পানধোৱা ৰয়েল ভেলী একাডেমীৰ নিকৃষ্ট কৰ্ম। শাস্তিমূলকভাৱে ছাত্ৰ-ছাত্ৰীক জিভাৰে চেলেকি ডেস্ক-বেঞ্চ চাফা কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উৎথাপন হৈছে ৰয়েল ভেলী একাডেমীৰ শিক্ষকৰ বিৰুদ্ধে।
যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে। ঘটনা সন্দৰ্ভত প্ৰশাসনক উচিত তদন্তৰ দাবী কৰিছে একাংশই।
উল্লেখ্য লখিমপুৰ (Lakhimpur) জিলাৰ নাওবৈচাৰ (Naoboicha) পানধোৱা ৰয়েল ভেলী একাডেমীৰ শিক্ষকে কণ কণ ছাত্ৰ-ছাত্রীসকলক সামান্য ভুলৰ বাবে শাস্তিমূলকভাৱে জিভাৰে ডেস্ক-বেঞ্চ চেলেকোৱাৰ ওপৰিও বাহৰ লাঠিৰে মাৰধৰ কৰি গুৰুতৰভাৱে অসুস্থ কৰাৰ অভিযোগ উৎথাপিত হৈছে।
যাৰ বাবে ভুক্তভোগী ছাত্ৰৰ পৰিয়ালে POCSO আইনৰ অধীনত গোচৰ ৰজু কৰাৰ সিদ্ধান্ত লোৱাৰ ওপৰিও আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজীৱে উক্ত ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্রদানৰ দাবী জনাইছে।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post