ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এগৰাকী ধৰ্মীয় গুৰু মুফতি। এই মুফতিজনৰ নাম জহুৰ উদ্দিন। বটদ্ৰৱাৰ ধূপগুৰি পথাৰৰ মুফতি জহুৰ উদ্দিনৰ বিৰুদ্ধে তেওঁৰ নিজা ভতিজীয়েকে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল ধিং আৰক্ষী থানাত।
ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুফতি জহুৰ উদ্দিনক প্ৰেৰণ কৰিছিল জেল হাজোতলৈ। তাৰ পিছতে ক্ষোভৰ জুই জ্বলিছিল সমগ্ৰ বটদ্ৰৱা, ধিঙত। মুফতিগৰাকীৰ ন্যায়ৰ বাবে ওলাই আহিছিল ইছলাম ধৰ্মৰ উলেমা সমাজ।
আৰু অৱশেষত মুফতিগৰাকীৰ জামিন হোৱাৰ পিছত ধূপগুৰি জামে মছজিদত একগোট হল নগাঁও-মৰিগাঁও জিলাৰ উলেমা সমাজৰ লগতে স্থানীয় শ শ লোক। উপস্থিত উলেমা সমাজৰ লগতে একাংশ ৰাইজৰ অভিযোগ আৰক্ষীয়ে সঠিক তদন্ত নকৰি মুফতি জহুৰ উদ্দিনৰ বিৰুদ্ধে মিছা অভিযোগ তুলি জেললৈ প্ৰেৰণ কৰিছিল।
যাৰ বাবে মুফতিগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা অভিযোগকাৰী পৰিয়ালক সমাজৰ পৰা এঘৰীয়া কৰিলে স্থানীয় ৰাইজৰ লগতে উলেমা সমাজে। স্থানীয় ৰাইজৰ লগতে উলেমা সমাজে মুফতি জহুৰ উদ্দিনৰ ন্যায় বিচাৰি আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰি ঘটনাৰ সঠিক ৰূপত তদন্ত কৰিবলৈ নগাঁও জিলা প্ৰশাসনক দাবী তুলিছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post