নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে হয়বৰগাঁৱত অভিযান চলাই চাইবাৰ অপৰাধৰ লগত জড়িত ৩ দুৰ্ধৰ্ষ লোকক আটক কৰে। আটকাধীন লোক ৩জন হৈছে চাইদুল ইছলাম, দিলদাৰ হুছেইন আৰু মাজিনুৰ ৰহমান।
আৰক্ষীয়ে লোক কেইজনৰ পৰা ২০০খন ছীম কাৰ্ড, ৪টা মোবাইল ফোন আৰু এটা লেপটপ জব্দ কৰে। নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান চলাইছিল।
এই চক্ৰটোৰ তিনিওজন লোকেই ধিং আৰক্ষী থানাৰ অন্তৰ্গত কটহগুৰিৰ। চক্ৰটোৱে কটহগুৰিত ঘাটি পাতি চাইবাৰ অপৰাধত লিপ্ত আছিল। ধৃত তিনিওজনে কটহগুৰি, ধিং, মৈৰাবাৰী, লাহৰীঘাট, টুকটুকী অঞ্চলৰ ৰাইজক চাইবাৰ অপৰাধৰ জৰিয়তে প্ৰৱঞ্চিত কৰি অটিপি উলিয়াই ধন লুণ্ঠন কৰিছিল।
এই চক্ৰটোৱে ঝাৰখণ্ডৰ চাইবাৰ ক্ৰাইমৰ ঘাটি হিচাপে চিহ্নিত জামতৰা নামৰ ঠাইৰ দৰে নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত কটহগুৰিক চাইবাৰ ক্ৰাইমৰ ঘাটিত পৰিণত কৰাৰ চেষ্টা চলাইছিল।
নগাঁও আৰক্ষীয়ে অৱশেষত এই চক্ৰটোৰ বিষয়ে গম পাই অভিযান চলাই চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয়। আজি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এখন সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰে।
সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল কুমাৰ বৰা আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ নেৱাৰ উপস্থিত থাকে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post