সাৱধান হওক মোবাইল ফোন ব্যৱহাৰ কৰোতে। প্ৰতি মুহূ্ৰ্তত আপোনাৰ হাতত থকা মোবাইলটো হৈ পৰিব পাৰে আপোনাৰ কাৰণে বিপদৰ কাৰণ।
যিটো মোবাইলে আপোনাৰ দৈনন্দিন জীৱনৰ বহু কাম সহাজ কৰি আনিছে সেইটো মোবাইলে হ’ব পাৰে আপোনাৰ জীৱনৰ সংশয়ৰ কাৰণ। মোবাইল ফোন বিস্ফোৰণ হৈ কথমপি প্ৰাণ ৰক্ষা এজন যুৱকৰ। এই ঘটনা সংঘটিত হৈছে কলিয়াবৰত।
MI মোবাইল ফোন বিস্ফোৰণ হৈ আঘাতপ্ৰাপ্ত হয় কলিয়াবৰৰ ঘোঁৰাকাটীৰ এজন যুৱক। বিচনাত মোবাইল থৈ বহি থকা অৱস্থাতে সংঘটিত হয় এই মোবাইল বিস্ফোৰণৰ ঘটনা। মোবাইল বিস্ফোৰিত হৈ জুই জলি যায়, ততাতৈয়াকৈ বস্তাৰে জুই নিৰ্বাপন কৰে যুৱকজনে। বিস্ফোৰণত যুৱকজনৰ ভৰিত কিছু আঘাত প্ৰাপ্ত হয়।
Photo: Khatang Khobor





























Discussion about this post