ডিব্ৰুগড়ত (Dibrugarh) সংঘটিত হৈছে এক খুবেই কৰুণ ঘটনা (Tragic Incident)। বৃহস্পতিবাৰে এখন দ্ৰুতবেগী ৰে’লৰ খুন্দাত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় সঞ্জিত গগৈ নামৰ এজন লোকে (Man Cut By Train)। জানিবলৈ দিয়া অনুসৰি লোকজনে বৃহস্পতিবাৰে বিয়লি কন্যাক বিদ্যালয়ৰ পৰা ঘৰলৈ নিবলৈ আহিছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস! জীয়েকক শেষবাৰৰ বাবেও চাবলৈ সুযোগ নাপালে।
উল্লেখযোগ্য যে ৰে’লপথ পাৰ হৈ থকাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনাটো (Tragic Incident)। ঘটনাস্থলীত ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণো0ত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰে।
Photo: Google




























Discussion about this post