আজি আনুষ্ঠানিকভাৱে মুকলি হ’ল বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ (Bjp) অসম প্ৰদেশৰ নতুন কাৰ্যালয় (BJP’s New State Office At Basistha)। বশিষ্ঠত এই মুখ্য কাৰ্যালয় মুকলি কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (J P Nadda) আৰু অমিত শ্বাহে (Amit Shah)। আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ল বাজপেয়ী ভৱন (Bajpai Bhawan)। অতি কম দিনতে নিৰ্মাণ কৰি উলিওৱাৰ পিছত আজি বিশাল কাৰ্যসূচীৰে কাৰ্যালয়টো উদ্বোধন কৰিলে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।
এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma), কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal), ৰঞ্জিত দাস (Ranjeet Kumar Dass), জয়ন্ত মল্ল বৰুৱাকে (Jayanta Malla Baruah) ধৰি দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল।
উল্লেখ্য যে, প্ৰায় ৩৫ কোটি টকা ব্যয়সাপেক্ষে ১ লাখ বৰ্গ ফুট এলেকাত নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়টো। প্ৰায় ৫ সহস্ৰাধিক লোক একেলগে সমবেত হ’ব পৰা ছয়মহলীয়া এই আকৰ্ষণীয় কাৰ্যালয়টোত অতিথিশালা আৰু মিডিয়া চেণ্টাৰো আছে। লগতে আছে প্ৰায় ৪০০ লোক বহিব পৰা এক অত্যাধুনিক বিশাল প্ৰেক্ষাগৃহ। পঞ্চম তাৰকাযুক্ত হোটেলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই ভৱনটো।
৪২ বছৰৰ অপেক্ষাৰ পিছত স্থায়ী কাৰ্যালয় লাভ কৰিলে ৰাজ্যিক বিজেপিয়ে। প্ৰায় ৩৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই বৃহৎ ৬ মহলীয়া অট্টালিকাটো।
সকলো সা-সুবিধাৰে পৰিপুষ্ট হৈ আছে এই অট্টালিকাটো। ২০১৯ চনত অমিত শ্বাহে এই কাৰ্যালয়টোৰ আধাৰশিলা আৰু ভূমি পূজন কৰিছিল। উন্নত আন্তঃগাথঁনিৰ আৰু বিজ্ঞানসন্মত কাৰিকৰী প্ৰণালীৰে এই ভৱন নিৰ্মাণ কৰা হৈছে। নৱনিৰ্মিত অত্যাধুনিক কাৰ্যালয়টো অটল বিহাৰী বাজপেয়ী ভৱন নামেৰে নামাকৰণ কৰা হৈছে।
উল্লেখনীয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ সৈতে আৰম্ভণিৰে পৰা জড়িত ব্যক্তিসকলক ভৰি ধুৱাই কাপোৰেৰে ভৰি মচি সেৱা জনায়।
Photo: Facebook
Discussion about this post