দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত (Guwahati Barsapara Cricket Stadium) অনুষ্ঠিত হয় ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ খেল। এই খেলৰ মাজতে দুটা ঘটনা সংঘটিত হয় যিয়ে ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। খেলৰ মাজতেই দুডাল সাপ ওলোৱাৰ লগতে ষ্টেডিয়ামৰ ফ্লাড লাইট হঠাৎ বন্ধ হৈ পৰিছিল। ১৫ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰা ফ্লাড লাইটৰ ঘটনাটো সামাজিক মাধ্যমত ই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে (Floodlight Malfunction Pauses)।
এই সন্দৰ্ভত বহু ক্ৰীড়া অনুৰাগীয়ে অসম ক্ৰিকেট সন্থাৰ লগতে এপিডিচিএলক দোষাৰোপ কৰে। ইফালে এই ঘটনা সন্দৰ্ভত অসম শক্তি বিতৰণ বিভাগ (APDCL) স্পষ্টীকৰণ কি কয়-“আপোনালোক সকলোৰে জ্ঞাতাৰ্থে জনোৱা হৈছে যে ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ দ্বিতীয় টি-20 খেলৰ (India And South Africa T20 Match) সময়ত এটা হাই মাষ্ট ফ্লাড লাইটে কাম কৰা বন্ধ কৰি দিছিল। বৰ্তনীটোৰ কিছু আভ্যন্তৰীণ ত্ৰুটিৰ বাবে পোহৰ কেইমিনিটমানৰ বাবে অকাৰ্যকৰী আছিল যিটো অসম ক্ৰিকেট এছ’চিয়েচন (ACA)ৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত আছে।
এই সমস্যাটোৰ বাবে এপিডিচিএল দায়ী নহয় আৰু সমগ্ৰ অনুষ্ঠানটোত এপিডিচিএলৰ ফালৰ পৰা নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান বজাই ৰখা হৈছিল।”
উল্লেখ্য ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেটত (India And South Africa T20 Match) ভাৰতে দক্ষিণ আফ্ৰিকাক ১৬ ৰানত পৰাস্ত কৰি গৃহভূমিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে টি-২০ আন্তৰ্জাতিক শৃংখলাত জয় নিশ্চিত কৰে।
Photo: Twitter
Discussion about this post