পঞ্জাৱৰ (Punjab) বেহৰাম ফাগৱাৰা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত (Phagwara-Chandigarh National Highway) হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। ৰাষ্ট্ৰীয় ঘাইপথত এখন শিলভৰ্তি ট্ৰেইলাৰ (Trailer Overturned) বাগৰি পৰাত কৰুণ মৃত্যুক সাৱটিলে পুত্ৰসহ এহাল পিতৃ-মাতৃয়ে (3 Family Members Died)। ইফালে দুৰ্ঘটনাটোত আন তিনিজন লোকো গুৰুতৰভাবে আহত (3 Person Critically Injured) হয়।
এই লোমহৰ্ষক দুৰ্ঘটনাৰ দৃশ্য বন্দী হ’ল চিচি টিভিৰ কেমেৰাত (CCTV Footage Viral)। দুৰ্ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে যদিও, এইটো কেতিয়া হৈছিল, বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাটো জলন্ধৰৰ মহিলপুৰ চকত সংঘটিত হৈছিল। মৃত সকলো একেটা পৰিয়ালৰে আছিল।
ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি এখন ১৮ চকীয়া ট্ৰেইলাৰে গতি কম নকৰাকৈয়ে টাৰ্ণিং ল’বলৈ চেষ্টা কৰাত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলাৰ খন দুখন চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰে।
দুৰ্ঘটনাটোত এখন বাহনত যাত্ৰা কৰা মাতৃ-পিতৃ আৰু তেওঁলোকৰ পুত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয়। আনখন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়, কিন্তু বাহনখনত থকা আটাইকেইজন লোকৰ কথমপি প্ৰাণৰক্ষা। সম্পূৰ্ণ ঘটনাটো হাইৱে’ত স্থাপন কৰা কেমাৰাত বন্দী হয়। ঘটনাটোৰ পিছত ট্ৰেইলৰখনৰ চালক মেজৰ সিং পলায়ন কৰে।
Three members of a family died at Behram on Phagwara-Chandigarh National Highway as a truck rammed into a loaded trailer after latter coming from the opposite side suddenly took a turn towards Mahilpur. @ndtv #RoadSafety pic.twitter.com/5iq9tkQg30
— Mohammad Ghazali (@ghazalimohammad) September 13, 2022
দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা স্বামী-স্ত্ৰী নিজৰ পুত্ৰৰ সৈতে গড়শংকৰলৈ গৈ আছিল। কিন্তু আদবাটতে দুৰ্ঘটনাত পতিত হয়। বেহৰাম আৰক্ষীয়ে ট্ৰেইলাৰ চালক মেজৰ সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।
দুৰ্ঘটনাটোৰ লোমহৰ্ষক দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত (Social Media Viral Video)।
Photo: Google
Discussion about this post