লেটেকু (Burmese Grapes) হৈছে Phyllanthaceae পৰিয়ালৰ এক ধীৰ গতিত বৰ্ধিত চিৰসেউজ গছ। ইয়াক এছিয়াত পোৱা যায় আৰু সাধাৰণতে বাৰ্মা, ভিয়েটনাম, কম্বোডিয়া, লাওছ, বাংলাদেশ, ভাৰত আৰু মালয়েছিয়াত খেতি কৰা হয়। ই চিৰসেউজ অৰণ্যত বিভিন্ন মাটিত গজে। ইয়াক ফল হিচাপে খোৱা হয় বা ইয়াৰ পৰা সুৰা তৈয়াৰ কৰা হয়, বা ছালৰ ৰোগৰ চিকিৎসাৰ বাবে ঔষধিভাবে ব্যৱহাৰ কৰা হয়। হালধীয়া, সৰু ও গোলাকাৰ এই ফলবিধ সুস্বাদু হোৱাৰ লগতে, পুষ্টি আৰু ঔষধি গুণেৰেও পৰিপূৰ্ণ।
আহক জানি লওক লেটেকুৰ (Burmese Grapes) নানান পুষ্টি গুণ আৰু উপকাৰিতাৰ বিষয়েঃ-
১. লেটেকুত প্ৰচুৰ পৰিমাণে Vitamin C আৰু আইৰন পোৱা যায়। বৰ্তমান লেটেকুৰ বতৰ আৰু এনে সময়ত দৈনিক যদি দুই তিনিটা লেটেকু খাব পাৰে তেন্তে আপোনাৰ দেহত ভিটামিন চি আৰু আইৰনৰ পৰিমান হ্ৰাস নাপাব।
২. লেটেকুত প্ৰচুৰ পৰিমাণত চৰ্বি, আমিষ, আইৰন তথা খনিজ পদাৰ্থ পোৱা যায়।
৩. লেটেকুৰ ভিতৰত থাকে দেহৰ সুস্বাস্থ্যৰ হকে কাৰ্য্য কৰা তথা মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা এনজাইম তথা এমাইন এচিড দৰে উপাদান।
৪. লেটেকুৱে মুখৰ ৰুচি বঢ়াই, বমি বমি ভাৱ দূৰ কৰে আৰু হজম শক্তি বৃদ্ধি কৰে।
৫. Vitamin Cৰ উপৰিও লেটেকুত পোৱা যায় Vitamin B1 আৰু Vitamin B২।
৬. এই ফলৰ গুটি গনোড়িয়া ৰোগৰ ঔষধ তৈয়াৰীত ব্যৱহাৰ কৰা হয়।
৭. প্ৰতি ১০০ গ্ৰাম লেটেকুত খাদ্যশক্তি থাকে প্ৰায় ৯২ কিল কেলৰি।
Photo: Google
Discussion about this post