মৰিগাঁৱৰ (Morigaon) মৈৰাবাৰীত (Moirabari) এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। এগৰাকী কিশোৰীৰ সৈতে ব্ৰহ্মপুত্ৰৰ বালিচৰত ৪ যুৱকে পৰ্ণ ভিডিঅ’ (Porn Video) নিৰ্মাণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এখন নাৱত উঠি এগৰাকী কিশোৰীৰ সৈতে জলকেলি কৰা ৪ লম্পটৰ ভিডিঅ’ ভাইৰেল (Viral Video On Social Media) হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুলোকে। ইফালে পৰিয়ালৰ লোকে সেই ৪ লম্পট যুৱককেইজনে কিশোৰীগৰাকীক ফুচুলাই নি পৰ্ণ ছবি নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
মৈৰাবাৰীৰ লেংৰিবড়ী গাঁৱৰ এই ৪ লম্পটে কিশোৰীগৰাকীৰ সৈতে নিকটৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ চৰত পৰ্ণ ছবি নিৰ্মাণ কৰি সামাজিক মাধ্যমত ভাইৰেলো কৰে। লম্পট কেইজনে সংঘটিত কৰা এনে লজ্জাজনক কাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সামাজিক মাধ্যমত এই পৰ্ণ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে কিশোৰী গৰাকীৰ পিতৃয়ে মৈৰাবাৰী আৰক্ষী থানাত মতিবুৰ ৰহমান, হাইবুৰ ৰহমান, হাফিজুল ইছলাম আৰু নেওয়াজ আলীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত (Moirabari Police) এজাহাৰ দাখিল কৰিছে (Fir lodged Against 4 Youth)।
ইফালে এনে নিকৃষ্ট কাণ্ড পোহৰলৈ অহাৰ পিছত সচেতন লোক তথা বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে।
Photo: Khatang Khobor
Discussion about this post