উত্তৰ প্ৰদেশৰ (Uttar Pradesh) আগ্ৰাত (Agra) স্বামী-স্ত্ৰীয়ে পথাৰলৈ গৈ গছত ৰছী বান্ধে আৰু ফাঁচী লগাই আত্মহত্যা (Wife And Husband Hang Suicide) কৰাৰ চেষ্টা চলাই কিন্তু স্বামীৰ ফাঁচীকাঠত ওলমাৰ পিছত মৃত্যু হয় (Husband Died) কিন্তু পত্নী বাচি গৈছিল। দৰাচলতে, মহিলাগৰাকীয়ে যিডাল ৰচীৰে আত্মহত্যাৰ চেষ্টা চলাইছিল সেইডাল আত্মহত্যা কৰাৰ সময়ত ছিঙি গৈছিল। ঘটনাটো আগৰাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত ফতেহপুৰ চিক্ৰী (Fatehpur Sikri) অঞ্চলৰ গিলয় গাঁৱত সংঘটিত হৈছিল।
প্ৰাপ্ত তথ্য অনুসৰি, তাত ৫৪ বছৰীয়া কৃষক মান সিং ওৰফে কালুৱা আৰু তেওঁৰ ৫০ বছৰীয়া পত্নী ছাণ্টা দেৱীয়ে তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত পথাৰৰ গছৰ ডালত ৰছী বান্ধিছিল। তাৰ পিছত তাতে ফাঁচী লগাই আত্মহত্যা (Suicide Case) কৰাৰ উদ্দেশ্যৰে ওলমিলে। স্বামী ফাঁচীকাঠত ওলমিয়েই থাকি যায়। আনহাতে, অত্য়াধিক ওজনৰ বাবে পত্নীৰ ডিঙিত লাগি থকা ৰছীডাল ছিঙি গৈছিল আৰু তাই তলত সৰি পৰে।
প্ৰায় অচেতন অৱস্থাত মহিলাগৰাকী খেতিৰ পৰা ঘৰৰ ফাললৈ গৈ আছিল আৰু তেতিয়াই বাটত দুজন আৰক্ষীক লগ পাইছিল। আৰক্ষীয়ে ছাণ্টা দেৱীৰ ডিঙিৰ পৰা ৰছীডাল খুলিছিল আৰু এম্বুলেঞ্চলৈ ফোন কৰিছিল। মহিলাগৰাকীয়ে আৰক্ষীক গোটেই ঘটনাটো বৰ্ণনা কৰিছিল, যাৰ পিছত কেইগৰাকীমান আৰক্ষী লগে লগে সেই গছজোপাত উপস্থিত হৈছিল। তেওঁলোকে ফাঁচীকাঠত ওলমি থকা মান সিঙক গছৰ পৰা নমাই আনিছিল। কিন্তু তেতিয়ালৈকে লোকজন মৃত্যুমুখত পৰিছিল। আনহাতে, মহিলাগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
আছনেৰাৰ CO ৰাজীৱ চিৰোহীৰ মতে, স্বামী আৰু পত্নীৰ প্ৰায়ে কাজিয়া হৈ আছিল। দুয়োৰে ৪টা সন্তান আছে যাৰ ইতিমধ্যে বিয়া হৈছে। মহিলাগৰাকীক বৰ্তমান জেৰা কৰি থকা হৈছে। ঘৰৰ আন সদস্যসকলকো এই বিষয়ে সোধা-পোছা কৰা হ’ব। ঘটনাটোৰ তদন্ত চলি আছে।
Photo: Google
Discussion about this post