হাজোৰ (Hajo) হালোগাঁৱত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ (Singer Zubeen Garg) মন্তব্যক লৈ কণ্ঠশিল্পী সীমান্ত শেখৰৰ (Simanta Shekhar Reaction) প্ৰতিক্ৰিয়া প্ৰকাশ। ‘জুবিন দাৰ বিষয়ে মই একো বেয়াকৈ কোৱাই নাই । মোৰ বিষয়ে জুবিন দাক কোনোবাই বেয়াকৈ লগাইছে। জুবিন দাই মোক সৰুৰে পৰা লগ পাইছে মই জুবিন দাক বহু শ্ৰদ্ধা কৰো। জুবিন দাৰ লগত মোৰ কোনোপধ্যে তুলনা হ’ব নোৱাৰে কাৰণ জুবিন দা এজন মহান শিল্পী। ভূপেন দাৰ পিছতে অসমীয়া কলা-কৃষ্টিক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়া মানুহজনে হ’ল জুবিন দা। মোৰ বিৰুদ্ধে দাদাক কোনোবাই বেয়াকৈ লগাইছে। দাদাই মোক বেয়া নাপায়।’
তেওঁ লগতে কয় যে- ‘মই বৰ আচৰিত হৈছো, মই দাদাৰ বিষয়ে কতো একো কোৱা নাই। দাদা খুব ভাল মানুহ, দাদক কোনোবাই মিছাই লগাই দিছে চাগে সীমান্তই কিবা ক’লে বুলি।’
আমি বিচাৰিছো বিহু হ’ব, বিহু হওক ভালকৈ। ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ ১৯০০খন বিহু হ’ব। এই বিহু সমূহক অনুদানো আগবঢ়াব মুখ্যমন্ত্ৰীয়ে। সেইটো আগেপিছে কেতিয়াও হোৱা নাই, এইবাৰ প্ৰথম হৈছে। এই পদক্ষেপে বিহুৰ উৎসাহ দুগুনে বঢ়াইছে বুলিও মন্তব্য সীমান্তৰ।
লগতে তেওঁ কয়-মই সৰু, মোক জুবিন দাই সৰুৰে পৰা পাইছে, জুবিন দাই খুব মৰমো কৰে মোক। মই জুবিন দাক খুব সন্মান কৰো, খুব ভাল পাও। জুবিন দাৰ পৰা বহুত আশা কৰো, এই ভুল ধাৰণাবোৰ আঁতৰিব লাগে।
উল্লেখ্য শনিবাৰে বিহু উদযাপন সন্দৰ্ভত পুনবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰৱ হৈছিল জুবিন গাৰ্গ (Singer Zubeen Garg)। মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) ৰাজ্যবাসীক ৭ দিন বিহু উদযাপন কৰিবলৈ আহ্বন জনোৱা সন্দৰ্ভত জুবিনে কৈছিল যে- বিহুৰ বিষয়ে ৰাইজে সিদ্ধান্ত ল’ব। ৰাইজে ৰাতিপুৱা পাতে, দুপৰীয়া পাতে, গধুলি পাতে সেইটো ৰাইজৰ কথা। মই শিল্পীসকলৰ বাবে কৈ আছো। শিল্পীসকলে তিনিবছৰ ধৰি অনুষ্ঠান কৰিব পৰা নাই। ক’ৰোনাৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলি থাকোতে আমি কোনো মাত মতা নাই। মই শিল্পীসকলৰ প্ৰতি মাত মাতিম। এতিয়া পৰিৱেশ ভাল হৈছে সকলোৰে ভাল হওঁক, সকলো কথাত যোৰ কৰিব নালাগে।
আনহাতে সাংবাদিকৰ প্ৰশ্নত সীমান্ত শেখৰ (Simanta Shekhar) সন্দৰ্ভতো মন্তব্য কৰে জুবিন গাৰ্গে। তেওঁ কৈছিল যে- সীমান্ত শেখৰ সৰু ল’ৰা। সীমান্ত শেখৰে চৰকাৰে দিয়া দায়িত্ব পালন কৰক। অদৰকাৰী কথা ক’ব নালাগে। মোৰ বিষয়ে মাত মাতি লাভ নাই সীমান্তই। মোক ঢুকি পাবলৈ সীমান্তৰ ৭টা জনম লাগিব। অদৰকাৰী কথা নালাগে মোক।’
Photo: Google, Input: Biki Medhi
Discussion about this post