এক মৰ্মান্তিক ঘটনা (Tragic Incident) সংঘটিত হৈছে বৰপেটা জিলাৰ (Barpeta District) কলগাছিয়া আৰক্ষী (Kalgachia Police) থানাৰ অন্তৰ্গত সাঁওৰাচৰাত। স্বামীয়ে জীৱন্তে জ্বলাই দিলে পত্নীক (Woman Was Set On Fire By Her Husband By Pouring Petrol)। ৫ দিন ধৰি হাস্পতালৰ বিছনাতে জীৱন-মৃত্যুৰে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পত্নীয়ে। অকাল মৃত্যুক সাৱটিলে হাস্পতালৰ বিছনাতে।
ভয়ংকৰ ঘটনাটোত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম হাছিনা খাতুন আৰু অভিযুক্ত স্বামীৰ নাম হাশেম আলী। জানিব পৰা অনুসৰি সাঁওৰাচৰা গাঁৱৰ হাশেম আলীৰ লগত একেখন গাঁৱৰে আলতাফ হুছেইনৰ কন্যা হাছিনা খাতুন (৩২)ৰ ৮ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল।
কিন্তু বিয়াৰ পাছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত পৰিয়ালকেন্দ্ৰিক সংঘাত চলি আছিল বুলি মৃত হাছিনাৰ আত্মীয়ই জানিবলৈ দিয়ে। সেই সংঘাতৰ বাবেই বিগত সপ্তাহত মাকৰ ঘৰলৈ আহিছিল হাছিনা।
২৩ অক্টোবৰত হাছিনাই মাকৰ ঘৰত ভাত ৰান্ধি থকাৰ সময়ত পিছফালৰ পৰা স্বামী হাশেমে পেট্ৰ’ল দলিয়াই দিয়ে পত্নীৰ গাত। যাৰ ফলত গেছৰ জুইয়ে মুহুৰ্ততে আগুৰি ধৰে হাছিনাৰ সম্পূৰ্ণ শৰীৰ। ততালিকে স্থানীয় হস্পতাললৈ লৈ যোৱা হয় হাছিনাক, কিন্তু অৱস্থা সংকটজনক হোৱাত গুৱাহাটী মেডিকেল কলেজলৈ (GMCH) প্ৰেৰণ কৰে।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে বিগত ৫ টা দিন ধৰি চিকিৎসাৰ অন্তত শুকুৰবাৰে হাচিনাই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে।
Photo: Time8
Discussion about this post