বুধবাৰে নিশা বিজনৌৰৰ নাগিনাত Nagina (Bijnor) এটি ৬ মহীয়া শিশুৰ মৃতদেহ নলাত পোৱা ঘটনাটোৰ কিছু ঘণ্টাৰ ভিতৰতে এক চাঞ্চল্যকৰ কথা পোহৰলৈ আহে। মাতৃয়ে নিজেই জীৱন্ত সন্তানক এগৰাকী কিশোৰীৰ হতুৱাই নলাত পেলোৱালে (Mother Killed Her 6 Month Old Son By Throwing Him In The Drain For The Sake Of His Lover)। সম্পূৰ্ণ ঘটনাটো বিয়াৰ পিছত হোৱা প্ৰেমৰ সম্পৰ্কৰ বাবে সংঘটিত হৈছে। মহিলাগৰাকীৰ স্বামী ডুবাইত (Dubai) বাস কৰে। প্ৰেমিকৰ সন্মুখত নিজকে অবিবাহিত দেখুওৱাবলৈ গৈ মহিলাগৰাকীয়ে এই নিষ্ঠুৰ অপৰাধ কৰিছিল। আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ (Women Arrest) কৰিছে।
মহল্লা লোহাৰী চৰাইত (Mohalla Luhari Sarai) বাস কৰা মহিলা সুমেয়াৰ স্বামী আছিফে চৌদিত কাম কৰে। পত্নী নাগিনাত পৰিয়ালটোৰ সৈতে বাস কৰে। স্বামীৰ অনুপস্থিতিত সুমেয়াৰ প্ৰেমৰ ভুতে ধৰে আৰু এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত (Love Case) আহে। প্ৰেমিকৰ সন্মুখত নিজকে অবিবাহিতা দেখুওৱাবলৈ মহিলাগৰাকীয়ে নিজৰ ৬ মহীয়া পুত্ৰ অৰহানক ৰাস্তাৰ পৰা আঁতৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
পুত্ৰ অৰহানক চোৱা-চিতা কৰিবলৈ সুমেয়াই নিজৰ মাতৃগৃহ মুৰাদাবাদৰ পৰা ১০ বছৰীয়া এগৰাকী কিশোৰীক এসপ্তাহ পূৰ্বে লৈ আহিছিল। বুধবাৰে নিশা সুমেয়াই কিশোৰীগৰাকীৰ হতুৱাই নিজৰ পুত্ৰক নলাত পেলোৱায়। ইয়াৰ পিছত মহিলাগৰাকীয়ে এইবুলি হুলস্থুল কৰিলে যে তাইৰ ৬ মহীয়া পুত্ৰক বাইকত অহা ২ যুৱকে নি পলায়ন কৰে।
ঘটনাটোৰ পিছতে CO আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈছিল। যেতিয়া শিশুটিৰ সন্ধান আৰম্ভ হৈছিল, কিছু সময়ৰ পিছত শিশুটিৰ মৃতদেহটো নলাত পৰি থকা অৱস্থাত পোৱা গৈছিল। যেতিয়া আৰক্ষীয়ে চিচিটিভি ফুটেজ স্কেন কৰিছিল (CCTV Footage Was Scanned), ১০ বছৰীয়া কিশোৰীগৰাকীক শিশুটিক নলাত পেলাই দিয়া দেখা গৈছিল।
যেতিয়া আৰক্ষীয়ে কিশোৰীগৰাকীক সোধা-পোছা কৰিছিল, তাই সকলো কথা সম্পূৰ্ণৰূপে উন্মোচিত কৰিছিল। কিশোৰীগৰাকীয়ে কৈছিল যে সুমেয়াই কোৱা বাবে শিশুটিক নলাত পেলাইছিল। তাৰ পিছত শিশুটিৰ মাতৃক জিম্মাত লৈ সোধা-পোছা কৰাত তাই নিজৰ অপৰাধ স্বীকাৰ কৰে। CO সুমিত শুক্লাই ক’লে যে মহিলাগৰাকীৰ মাতৃ গৃহত এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমিকৰ সৈতে থাকিব বিচাৰিছিল। যাৰ বাবে মহিলাগৰাকীয়ে শিশুটিৰ হত্যাৰ ষড়যন্ত্ৰ কৰে। মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।
Photo: Google
Discussion about this post