গোলাঘাটত (Golaghat) নিশা সুৰাপায়ী যুৱকৰ (Drunk Man Terror) সন্ত্ৰাস। মুখ্যমন্ত্ৰীৰ সুৰাপায়ীসকলক নাকী লগোৱা নিৰ্দেশ কেৱল দুদিনীয়া কাৰ্যসূচীত ৰূপায়িত হ’ল গোলাঘাটত (Golaghat)।
গোলাঘাটৰ তপন নগৰ অঞ্চলত এই সুৰাপায়ী যুৱকজনে কেনেকৈ (Watch Video) অশ্লীল গালি-গালাজ কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে কাজিয়া কৰাৰ বাবে চোছা লয়। এই সুৰাপায়ী যুৱকজনক বুজাবলৈ অহা স্থানীয় লোকৰ লগতে মহিলাকো প্ৰহাৰ কৰে।
নিশা উত্তপ্ত পৰিস্থিতি উৎপন্ন হোৱাত স্থানীয় ৰাইজে গোলাঘাট আৰক্ষীক (Golaghat Police) অৱগত কৰাত আৰক্ষীৰ দল উপস্থিত হয় আৰু যুৱকজনক আটক (Man Detain) কৰে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে হেলমেট পৰিধান নকৰা আৰু সুৰাপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছিল যদিও বৰ্তমান এই নিৰ্দেশ কেৱল দুদিনীয়া কাৰ্যসূচীত ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/thieves-loot-40-lakh-from-atm-at-bongaigaon-in-assam/5800/
Discussion about this post