লখিমপুৰ মেডিকেল কলেজৰ (Lakhimpur Medical College) চতুৰ্থ বৰ্গৰ (Garde-IV) ১৮৮টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফলত ভয়ংকৰ বিসংগতিৰ অভিযোগ। উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰূপহীহাটৰ (Rupahihat) হাতীপুখুৰী গাঁৱৰ বিশেষভাৱে সক্ষম যুৱক আমিনুল হকে (Aminul Hoque)। ফেচবুক পোষ্টত (Facebook Post) চাকৰিৰ বিসংগতিৰ বিস্ফোৰক কথা উল্লেখ কৰিছে আমিনুলে।
আমিনুলে নিজেও এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু তেওঁৰ ফলাফল বেয়া হোৱাৰ বিপৰীতে উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন কৰে। ফেচবুক পোষ্টত এই অভিযোগ উত্থাপন কৰাৰ লগতে একাংশ সংবাদ মাধ্যমতো এই সন্দৰ্ভত কয়। বৰ্তমান আমিনুলৰ এই ফেচবুক পোষ্ট দুটাই কঁপাইছে ৰাজ্য (Aminul Hoque Facebook Post)।
লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা যোৱা ১৩ মাৰ্চত অনুষ্ঠিত হৈছিল। সেই দিনটোতে আমিনুল হকে ফেচবুক পোষ্টযোগে পৰীক্ষাৰ্থীগৰাকীয়ে উকা OMR চীটখন জমা দিবলৈ যাওঁতে সকলোৱে বাধা দিয়াৰ লগতে কেইটামান প্ৰশ্নৰ উত্তৰ কৰিবলৈ হেঁচা দিয়াৰ কথা কৈছিল।
লগতে তাত থকা ফটো পৰীক্ষকে লোকজনৰ লাইভ ভিডিঅ’ৰ লগতে ফটো আধাৰ কাৰ্ডৰ ফটো তুলি ৰাখে। ওলাই আহোতে কৈ আহিছিলো পৰীক্ষকসকলক ৰোল নং লিখি ৰাখিছো ৰিজাল্ট দিয়াৰ পিছত চাম। আজি তাৰ ৰিজাল্ট শ্বীট আৰু ৫ মাহ আগত দিয়া মোৰ আপডেট আগবঢ়ালো। যেতিয়ালৈকে চাকৰিৰ নামত দুৰ্নীতি হ’ব সিমান দিন যোগ্য জনে চাকৰি নাপায়।” তেওঁ এই কথাৰ পৰা স্পষ্টকৈ প্ৰকাশ পাইছে যে ১৩ মাৰ্চৰ উক্ত পৰীক্ষাত এগৰাকী প্ৰাৰ্থীয়ে উকা উত্তৰ বহী জমা দিব বিচাৰিছিল।
যাক লৈয়ে আজি সমগ্ৰ ৰাজ্যতে এই বিতৰ্কৰ সূচনা হয়। লক্ষণীয় যে যুৱকজনৰ কথাখিনি সংবাদমাধ্যম যোগে প্ৰকাশ হোৱাৰ পিছতে লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ নীৰিক্ষকৰ দায়িত্বত থকা এগৰাকী শিক্ষয়ত্ৰীয়ে যুৱকজনৰ কথাখিনি সত্য বুলি স্বীকাৰ কৰিছে। শিক্ষয়ত্ৰীগৰাকীৰ ভাষ্য অুনসৰি শেষ মুহূৰ্তত নীৰিক্ষকৰ সন্মুখত কেইটামান উত্তৰ লিখা বুলি জনাইছে।
লক্ষণীয় কথাটো হৈছে কেই মিনিটমান সময়ত এজন ছাত্ৰই কেনেকৈ গোটেই প্ৰশ্নৰ উত্তৰ দিব পাৰিব বা শেষ মুহূৰ্তত সেই প্ৰাৰ্থীজনে কিমানটা উত্তৰ লিখিছিল সেয়া তদন্তৰ বিষয়। আনহাতে অসমৰ বিভিন্ন বিভাগৰ চাকৰিৰ পৰা বহিঃৰাজ্যৰ পৰা যুৱক-যুৱতীয়ে আহি এইদৰেই পৰীক্ষাত অৱতীৰ্ণ হয় নেকি ! ৰে’লৱে হওঁক বা ডাক অথবা অন্যান্য চাকৰি সকলোতে পৰীক্ষা কেন্দ্ৰ বোৰত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ উভৈমনদী দেখা যায়।
আমিনুলে উত্থাপন কৰা অভিযোগত জড়িত যুৱকজনো হিন্দী ভাষী আছিল বুলি প্ৰকাশ পাইছে। একো নজনাকৈ বিহাৰ, উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীয়ে অসমলৈ আহি পৰীক্ষাত অৱতীৰ্ণ হোৱা কথাটো ৰহস্যজনক বিবেচিত হৈছে। খালী বহি জমা দিয়াৰ আৰঁত কিবা ৰহস্য আছে নেকি !
বহিৰাজ্যৰ একাংশই এইদৰে পৰীক্ষাত খালী বহি জমা দি পিছত অন্য উপায়েৰে অসমত চাকৰি লাভ কৰে নেকি ! অসমত তেনে কোনো চক্ৰই বহিঃৰাজ্যৰ নিবনুৱাক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে নেকি ! এই মুহূৰ্তত এই প্ৰশ্নবিলাক স্বাভাৱিকতেই উত্থাপন হৈছে। বহিঃৰাজ্যৰ পৰা আহি অসমত সাক্ষাতকাৰত অৱতীৰ্ণ হৈ এইদৰে খালী উত্তৰ বহী আৰু কোনো প্ৰাৰ্থীয়ে জমা দিছিল নেকি সেয়াও এতিয়া আন এক চৰ্চাৰ বিষয় হৈ পৰিছে ।
কিন্তু পৰীক্ষাৰ ফলাফলত সেইগৰাকী প্ৰাৰ্থীয়ে উত্তীৰ্ণ হোৱাত আচৰিত হৈ উঠে আমিনুল। আৰু ইয়াৰ পিছতে আন এটা ফেচবুক পোষ্টযোগে বিষয়টো ৰাজহুৱা কৰে। আমিনুলে সেইগৰাকী প্ৰাৰ্থীৰ ৰোল নম্বৰটোও প্ৰকাশ কৰে। আমিনুল হকৰ এই পোষ্টৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Photo & Input: Khatang Khobor
Discussion about this post