অধ্যক্ষৰ যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল উত্তৰ অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৰ্থ লখিমপুৰ স্বায়ত্ত্বশাসিত মহাবিদ্যালয় ৷ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (North Lakhimpur College) অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই (Principal Biman Chandra Chetia) এগৰাকী যুৱতীৰ লগত ফেচবুক মেছেঞ্জাৰ আৰু হোৱাটছএপত যৌনগন্ধী বাৰ্তালাপ কৰাৰ বহুকেইখন Screen Shot Viral হৈ পৰিছে ছচিয়েল মিডিয়াত (Screen Shot Viral In Social Media)।
Screen Shotত স্পষ্ট হৈছে ছাত্ৰীৰ সৈতে উৎকট যৌনগন্ধী বাৰ্তালাপ অধ্যক্ষগৰাকীৰ। অৱশ্যে মেছেঞ্জাৰত কৰা এই বাৰ্তালাপ প্ৰকৃততে কাৰ সৈতে অধ্যক্ষগৰাকীয়ে কৰিছিল সেই কথা এতিয়াও পোহৰলৈ অহা নাই।
ইফালে অধ্যক্ষগৰাকীয়ে তেওঁৰ ফেচবুক আই ডি হেক কৰি, ভুৱা হোৱাটছএপ আই ডিৰে কোনো দুষ্ট চক্ৰই এই কাৰ্য সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত লখিমপুৰৰ আৰক্ষী (Lakhimpur Police) অধীক্ষকক ড° বিমান চন্দ্ৰ চেতিয়াই লিখিত অভিযোগো দাখিল কৰিছে ৷
কিন্তু যিসমূহ ফটো Viral হৈছে সেই ফটোসমূহ যে অধ্যক্ষগৰাকীৰে হয় সেই কথা নিশ্চিত হৈ পৰিছে। ঘটনা সংক্ৰান্তত উচিত তদন্তৰ পোষকতা কৰিছে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই।
মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ স্পষ্ট মন্তব্য-‘প্ৰশাসনে উচিত তদন্ত কৰি দোষীক শাস্তি দিয়ক। উত্তৰ অসমৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ক এনেকৈ কালিমা সনা কাৰ্য কেতিয়াও মানি নলয় ছাত্ৰ সমাজে বুলি হুংকাৰ দিয়ে।
ইফালে অধ্যক্ষ ড০ বিমান চন্দ্র চেতিয়াৰ নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদত উত্তাল কৰি তোলে স্বায়ত্তশাসিত নৰ্থ লখিমপুৰ কলেজ।
অধ্যক্ষজনে মেছেঞ্জাৰত মহাবিদ্যালয়ৰ ছাত্ৰীৰ সৈতে কৰা অশ্লীল বাৰ্তা লাপ কৰাৰ অভিযোগ তুলি জিলা ছাত্ৰ সন্থাই কলেজখনৰ প্ৰবেশদ্বাৰত ছাৰৰ পুত্তলিকা দাহ কৰে। আন হাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও কলেজ খনৰ প্ৰৱেশদ্বাৰত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘটনা সন্দৰ্ভত অধ্যক্ষৰ নিলম্বনৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰী ছাত্ৰ সমাজে।
ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এই ঘটনাটো তদন্ত কৰা বুলি শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে (Ranoj Pegu) টুইট কৰে ৷ তদুপৰি বিষয়টোৰ উচিত তদন্তৰ খাটিৰত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়।
Photo & Input: গিৰিশ বৰুৱা
Published By: Dulu Medhi
Discussion about this post