ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে তেওঁৰ চৰকাৰে ‘লাভ জেহাদ’ক অপৰাধ হিচাপে এক নতুন আইন প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে, য’ত দোষী সাব্যস্ত হোৱাসকলক যাৱজ্জীৱন কাৰাদণ্ডকে ধৰি শাস্তি প্ৰদান কৰা হ’ব।
গুৱাহাটীত অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ বৰ্ধিত অধিৱেশনৰ সময়ত এই ঘোষণা কৰা হৈছে।
মুখ্যমন্ত্ৰী কয় যে, “আমি অতি সোনকালে ‘লাভ জেহাদ’ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ আইন আনিম।”
লগতে কয় যে , আমি পদে পদে অসমীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
মুখ্যমন্ত্রীয়ে এই প্রস্তাৱিত আইনখন চলিত মাহৰ শেষৰ ফালে অসম বিধানসভাৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ সময়ত উত্থাপন কৰা হ’ব বুলি অৱগত কৰে৷
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই নতুন আৱাসিক নীতিৰ (ডমিচাইল পলিচি) পৰিকল্পনা প্ৰকাশ কৰে, যাৰ অধীনত কেৱল অসমত জন্মগ্ৰহণ কৰা ব্যক্তিয়েহে চৰকাৰী চাকৰিৰ বাবে যোগ্য হ’ব।
তেওঁ পূৰ্বৰ কংগ্ৰেছ শাসন ব্যৱস্থাক সমালোচনা কৰি দাবী কৰে যে, ‘কংগ্ৰেছৰ সময়ত অসম আৰক্ষীৰ ৩০ শতাংশ চাকৰি এটা নিৰ্দিষ্ট সম্প্ৰদায়ক প্ৰদান কৰা হৈছিল। আমি এই বিষয়ে আগন্তুক প্ৰকাশনত নথিভুক্ত কৰিছো।”
মুখ্যমন্ত্রী শৰ্মাই উল্লেখ কৰে যে তেওঁৰ চৰকাৰ চৰকাৰী চাকৰি আবণ্টনৰ ক্ষেত্ৰত খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
Discussion about this post