পুনৰ অগ্নিগৰ্ভ হৈ পৰিছে বাংলাদেশ। চুবুৰীয়া দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ সৈতে সংঘৰ্ষ চলি আছে। দেওবাৰৰ পৰা দেশখনৰ বিভিন্ন প্ৰান্তত আৱামী লীগ, ছাত্ৰ লীগৰ কৰ্মী আক্ৰমণৰ বলি হৈছে। ইতিমধ্যে ১৪ জন আৰক্ষীকে ধৰি ৯৮ জন লোকৰ মৃত্যু হৈছে।
ছিৰাজগঞ্জৰ এনায়েতপুৰ থানাত সংঘটিত হিংসাত্মক আক্ৰমণত ১৩ জন আৰক্ষীৰ সদস্য আৰু কুমিল্লাৰ ইলিয়টগঞ্জত আন এক আক্ৰমণত হাইৱে থানাৰ এজন আৰক্ষী জোৱান প্ৰাণ হেৰুৱাইছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জাৰি কৰা হৈছে সান্ধ্য আইন।
সময়ৰ লগে লগে বাংলাদেশত অসহযোগ আন্দোলনে অধিক বিপজ্জনক ৰূপ ধাৰণ কৰিছে। দেওবাৰৰ পৰা ঢাকা, চট্টগ্ৰাম, পাবনা, চিলেট, ফেনী, বগৰা, বৰিছাল, ছিৰাজগঞ্জ, কিশোৰগঞ্জকে ধৰি কেইবাটাও অঞ্চলত চৰকাৰ সমৰ্থক আৱামী লীগ আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হৈছে। দেশৰ কমেও ৫০খন জিলাত সংঘটিত হৈছে হিংসাত্মক ঘটনা। কেইবাশ লোক আহত হয়।
আন্দোলনকাৰীৰ বিৰুদ্ধে চৰকাৰী নেতা-মন্ত্ৰীৰ বাসগৃহতো আক্ৰমণ কৰি অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰাৰ ঘটনা ঘটিছে। ছাত্ৰ-ছাত্ৰীৰ অসহযোগ আন্দোলনৰ বাবে দেওবাৰে ৰাজধানী ঢাকা দেশৰ বাকী অংশৰ পৰা কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰে। দীৰ্ঘ দূৰত্বৰ বাছ, ৰেল আৰু অন্যান্য ৰাজহুৱা পৰিবহণসমূহো বন্ধ কৰি দিয়া হৈছে।
দেওবাৰে আন্দোলনে তীব্ৰতাৰ মাত্ৰা অতিক্ৰম কৰে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বাহিৰেও আন্দোলনকাৰীৰ সৈতে আৱামী লীগৰ সমৰ্থকসকলৰ সংঘৰ্ষ ঘটে। ঢাকাকে ধৰি ১৪খন জিলাত মুখামুখি সংঘৰ্ষ হয়।
জুলাই মাহৰ পৰা সমগ্ৰ বাংলাদেশত আৰক্ষী বাহিনীয়ে ৩০০ লোকক হত্যা কৰাৰ পিছতে শনিবাৰৰ পৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত আন্দোলনৰ আহ্বান জনায় ছাত্ৰ নেতাসকলে। সোমবাৰে ‘Long March to Dhaka’ ত অংশগ্ৰহণ কৰিবলৈ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথলৈ উলাই আহে ; আৰক্ষীয়ে কন্দুৱা গেছৰ গুলী চলাইছে আৰু অনিৰ্দিষ্টকালৰ বাবে ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে।
দেওবাৰে নিশা (৪ আগষ্ট) ভাৰতে বৰ্তমান বাংলাদেশত বাস কৰা সকলো নাগৰিককে চুবুৰীয়া দেশখনত হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চলা-ফুৰাৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা (extreme caution) অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে ভাৰতে প্ৰকাশ কৰিলে জৰুৰীকালীন ফোন নম্বৰ।
Discussion about this post