পেহেলগাম বিষয়ত সৰ্বদলীয় বৈঠকত সকলো বিৰোধী দলে কেন্দ্ৰৰ কাষত থিয় দিয়াৰ বাৰ্তা প্ৰদান কৰে। কিন্তু সেই সৰ্বদলীয় বৈঠকৰ ৪৮ ঘণ্টা নৌহওঁতেই শাৰদ পাৱাৰ মুখত শুনিবলৈ পোৱা গ’ল সম্পূৰ্ণ পৃথক ভাষ্য ।
সতৰ্ক সুৰত শাৰদ পাৱাৰে কয়, পাকিস্তানৰ বিৰুদ্ধে কোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে প্ৰতিশোধৰ কথাও বিবেচনা কৰা উচিত।
খৰখেদা বা ক্ষোভত সিদ্ধান্ত ল’ব নালাগে বুলি ইংগিত দিছে শাৰদ পাৱাৰে (এন চি পি), যাৰ ফলাফল ভাৰতৰ বিৰুদ্ধে যাব। শাৰদ পাৱাৰে (এন চি পি) লগতে কয় যে, “আমি হয়তো আজি কঠিন পদক্ষেপ গ্ৰহণ কৰিছো। কিন্তু আমি মনত ৰাখিব লাগিব যে অনাগত দিনত পাকিস্তানেও প্ৰতিশোধ ল’ব। মই নাভাবো যে পাকিস্তানে মনে মনে বহি থাকিব।” শাৰদ পাৱাৰ
পাৱাৰে পাকিস্তানৰ আকাশসীমা বন্ধ কৰাৰ সিদ্ধান্তক উদাহৰণ হিচাপে উল্লেখ কৰে। তেঁও কয়, ”ইউৰোপ অভিমুখী সকলো বিমান পাকিস্তানৰ ওপৰেৰে উৰা মাৰে। যদি সেই পথটো বন্ধ কৰা হয়, বিমান ভ্ৰমণৰ ব্যয় যথেষ্ট বৃদ্ধি হ’ব। ”
প্ৰসংগক্ৰমে, পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক কাৰ্যতঃ অন্ত পৰিছে। আক্ৰমণৰ পিছদিনা নতুন দিল্লীয়ে পাকিস্তানৰ সতে হোৱা সিন্ধু চুক্তি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। একে সময়তে আট্টাৰীৰ সীমান্ত বন্ধ হৈ পৰিল।
ভাৰতেও পাকিস্তানীসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। সকলো চাৰ্ক ভিছা বাতিল কৰা হৈছে। পাকিস্তানেও প্ৰতিশোধৰ সতৰ্কবাণী দিছে। ইছলামবাদেও দ্বিপাক্ষিক সকলো চুক্তি বাতিল কৰিছে। ভাৰতীয় বিমানৰ বাবেও বন্ধ হ’ব পাৰে পাকিস্তানৰ আকাশমাৰ্গ। পাকিস্তানেও ছিমলা চুক্তি উলংঘা কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে।
এন চি পিৰ নেতা গৰাকীয়ে পাকিস্তানৰ এই প্ৰতিশোধমূলক পদক্ষেপক কেন্দ্ৰক সকীয়াই দিছে। এতিয়া প্ৰশ্ন হয়, পেহেলগামৰ ওপৰত অন্য বিৰোধী দলে চৰকাৰক নিঃচৰ্ত সমৰ্থনৰ বাৰ্তা প্ৰেৰণ কৰাৰ সময়ত এই সন্দেহৰ সুৰ কিয় ?
Discussion about this post