নলবাৰী (Nalbari) সাহপূৰত (সনামতি) এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে। এক ভয়ংকৰ পথ দুৰ্ঘটনাত (Horrific Road Accident) প্ৰাণ হেৰুৱালে মাতৃয়ে (Mother Spot Died) আৰু গুৰুতৰভাবে আহত হয় পুত্ৰ (Critically Injured Son)। বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি থিতাতে নিহত মহিলাগৰাকী (Bike Fall Into Ditch)। মৃত মহিলাগৰাকীৰ নাম দীপিকা কলিতা (৪৮)। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত পুত্ৰ কংকন কলিতা (২২) আৰু মৃত মহিলাগৰাকীৰ ঘৰ বৰ বিস্তুপুৰত।
নতুন বাইক কিনি লৈ ঘৰলৈ উভতিছিল মাতৃ আৰু পুত্ৰ। কিন্তু সেই নতুন বাইকখনেই যেন নমাই আনিলে কাল অমানিশা। ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত মাতৃয়ে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে গুৰুতৰভাবে আহত হয় পুত্ৰ।
কংকন কলিতাক চিকিৎসাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালয় (Nalbari Civil Hospital) লৈ আনে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
Photo & Input: ধনজিৎ দাস
Published By: Dulu Medhi
Discussion about this post