মৰিয়নীৰ (Mariani) চেলেংহাট আৰক্ষী চকীত (Selenghat Police Station) এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে। ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিংগীয়াৰ (Gunshot Suicide OC Bhupen Dhingia)। নিজ কোৱাৰ্টাৰতে আত্মহত্যা (Suicide) আৰক্ষী বিষয়াজনৰ। দেওবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনাটো।
তিনিদিন পূৰ্বে ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল চেলেংহাট আৰক্ষী চকীটোত। ঘটনাস্থলীত উপস্থিত হয় মৰিয়নী চক্ৰ আৰক্ষী বিষয়া দণ্ডীৰাম বৰা টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৷ ঘটনা সন্দৰ্ভত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ইফালে ঘটনাটোক লৈ আত্মহত্যা কৰা বিষয়াজনৰ পত্নীৰ কান্দি কান্দি অভিযোগ- ‘তেওঁক SP-এ বেয়াকৈ গালি-গালাজ কৰিছিল, কামৰ হেঁচা দিছিল।
Photo & Input: Rajiv Karmakar
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/international-yoga-day/9871/
Discussion about this post