বিশ্বনাথত (Biswanath) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। বিশ্বনাথ জিলাৰ পূব ভিৰৰ গোৱালতলী অঞ্চলত সংঘটিত হয় এই ঘটনা। গা ধুই কাপোৰ মেলা তাঁৰত কাপোৰ মেলিবলৈ যাওতেই বিদ্যুৎস্পৃষ্ট হৈছিল মাতৃ। মাতৃৰ বিদ্যুৎস্পৃষ্ট হোৱা দেখি কণমানি কন্যা যায় বচাবলৈ। কিন্তু প্ৰাণ ৰক্ষা নপৰিল দুয়োগৰাকীৰে। মাতৃক বচাবলৈ গৈ একেলগে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল মাতৃ-কন্যাই (Mother And Daughter Death Due To Electrocution)।
জানিব পৰা অনুসৰি শুকুৰবাৰে ফইজুল আহমেদৰ পত্নী লালভানু খাতুনে (৩৪) গা ধুই উঠি ঘৰৰ চোতালত থকা কাপোৰ মেলা তাঁৰত গা ধোৱা কাপোৰ মেলিবলৈ যাওতে বিদ্যুৎস্পৃষ্ট হয়। মাতৃক তাঁৰত লাগি থকা দেখি লালভানুৰ ১০ বছৰীয়া কন্যা ফৰিদা খাতুনে মাতৃক বচাবলৈ চেষ্টা কৰোতে নিজেও বিদ্যুৎস্পৃষ্ট হয়।
 
 
এই ঘটনাটোৰ পিছতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ লালভানু খাতুনৰ ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি মাতৃ-কন্যা দুয়োগৰাকীকে উদ্ধাৰ কৰি বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে দুয়োজনকে মৃত ঘোষণা কৰে।
লালভানুৰ ঘৰৰ মিটাৰৰ বিদ্যুৎ প্ৰবাহিত তাঁৰ ছিঙি কাপোৰ মেলা তাঁৰত লাগি থকাৰ ফলতেই এই শোকাবহ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
Photo: News8 Northeast
 
	    	

























 
		    

Discussion about this post