পুনৰ কৃত্ৰিম বান (Artificial Flood) আৰু ভূমিস্খলনৰ (landslide) কবলত পৰিছে গুৱাহাটী মহানগৰীৰ (Guwahati City) বহু অঞ্চল। এই সকলোৰে মাজতে মহানগৰীৰ পশ্চিম বৰাগাঁও নিজৰাপাৰ অঞ্চলত (Nizarapar Area Near Boragaon) সংঘটিত হ’ল এক শোকাৱহ ঘটনা (Tragic Incident)। পাহাৰৰ মাটি খহি এটা ঘৰ পোত গৈ ৪জন শ্ৰমিকে হেৰুৱালে (Four Workers Die) প্ৰাণ।
Assam | Four die in landslide that took place at Nizarapar area near Boragaon in Guwahati, today
Four labourers were residing at the spot where landslide occurred. They got trapped under the debris & died. Their bodies were recovered: Nabaneet Mahanta, DCP West, Guwahati pic.twitter.com/JmFEfiBywj
— ANI (@ANI) June 14, 2022
ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই SDRF আৰু স্থানীয় লোকে উদ্ধাৰ কৰে আটাইকেইজনৰ মৃতদেহ। মৃত শ্ৰমিক কেইজনৰ নাম মফিজুল হক (কোকৰাঝাৰ), মনোৱাৰ হুছেইন (ধুবুৰী), আমৰুল হক (গোলকগঞ্জ) আৰু হাচানুৰ আলী (কোকৰাঝাৰ) বুলি জানিব পৰা গৈছে।
সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নিশা প্ৰায় ১ বজাত বৰাগাঁৱৰ নিজৰাপাৰাৰ নয়ন ৰাজবংশী নামৰ লোকজনৰ ভাৰাঘৰত পাহাৰৰ মাটি খহি পৰিছিল। সেইসময়ত ভাৰা ঘৰটোত শুই আছিল চাৰিজন শ্ৰমিক। শুই থকা অৱস্থাতে পাহাৰৰ পৰা খহি অহা শিল-মাটিয়ে হেঁচি ধৰে শ্ৰমিক চাৰিজনক (They Got Trapped Under The Debris & died)। থিতাতে প্ৰাণ হেৰুৱালে শ্ৰমিককেইজনে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/brother-jumped-in-burning-pyre-of-sister-died-of-burns/9731/
Discussion about this post