আজি পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰিলে মেট্ৰিক-হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল (Hslc And High Madrassa Exam Result)। এই ফলাফলে কাৰোবাক সুখ দিছে, কাৰোবাক দিছে দুখ। কিন্তু এই সকলোবোৰৰ মাজতে এটা ঘটনাই আপোনাকো নিশ্চয়কৈ কন্দুৱাব।
কামপুৰত (Kampur) ষ্টাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ বাসগৃহত আজি কান্দোনৰ ৰোল (Tragic Story)। আনন্দৰ পৰিৱৰ্তে দুখত ভাঙি পৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃ আৰু আত্মীয়। শোকাকুল পৰিৱেশৰ সৃষ্টি কামপুৰৰ ঘিলানী গাৱঁত। ঘিলানী গাঁৱৰ পাৰভিচ আহমেদৰ ফলাফলে কন্দুৱাইছে সকলোকে। কাৰণ নিজৰ কৃত্বিত্বৰ ফলাফল শুনিবলৈ বা চাবলৈ পাৰভেচ আজি এই সংসাৰত নাই।
নিষ্ঠুৰ নিয়তিয়ে ৯ মে’ত কাঢ়ি নিলে পাৰভেচৰ জীৱন। কপিলী নদীত গা ধুবলৈ গৈ ৯ মে’ৰ দিনা কৰুণ মৃত্যুক (Matric Candidate Drowned Kopili River) সাৱটি ল’লে চাহাব উদ্দিন আৰু পাৰবিনা বেগমৰ একমাত্ৰ সন্তান পাৰভিচ আহমেদে (Parvis Ahmed) ৷
ছাত্ৰজনৰ এই মৃত্যুক সহজে মানি ল’ব পৰা নাই পিতৃ-মাতৃৰ লগতে আত্মীয়ই ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা একমাত্ৰ সন্তানৰ অনুপস্থিতিত তাৰ সফলতাৰ খবৰে কন্দুৱাইছে সকলোকে ৷ শোকত ভাঙি পৰিছে বিদ্যালয় কৰ্তৃপক্ষও ৷
Photo & Input: আমিনুল হক
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/hslc-result-2022-students-pass-result-in-assam/9595/
Discussion about this post