যোগীঘোপাৰ (Jogighupa) কুমাৰকাটাত (Kumarkata) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। দ’ খাৱৈত পৰি সলিলসমাধি ঘটে দুটি কণমানি শিশুৰ (2 Child Drown Into Ditch)। বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত শিশু দুটিয়ে খেলি থকাৰ সময়তে সৃষ্টিয়া বিলৰ সমীপত থকা এটা ইটা ভাটাৰ দ’ খাৱৈত পৰি সলিলসমাধি ঘটে।
জানিব পৰা মতে শিশু দুটি কুমাৰকাটাৰ বৈৰাগীপাৰাৰ বৈদ্যপালৰ পুত্ৰ অপূৰ্ব পাল (৪) আৰু আনজন কংস ৰায়ৰ পুত্ৰ কৃষ্ণ ৰায় (৫)।
স্থানীয় ৰাইজে শিশু দুটিক অচেতন অৱস্থাত উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ (Bongaigaon Civil Hospital) লৈ যায় যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বৰ্তমান এই ঘটনাৰ পিছতে পৰিয়ালটোত কান্দোনৰ ৰোল।
Photo & Input: আনোৱাৰ হুছেইন
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/politics/victor-das-live-video-on-you-tube-in-assam/11888/
Discussion about this post