বিহুৰ আনন্দ উল্লাসৰ মাজতে নিশা চোৰে চলাই চাফাই অভিযান (Thieves Loot Money, Jewellery)। বিশ্বনাথ চাৰিআলিৰ (Biswanath Chariali) মধুপুৰস্থিত (Madhupur) ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় ফ্লৰেন্স একাডেমীৰ স্বত্বাধিকাৰীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান।
কেবল চাফাই অভিযানে নহয়, গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে পাকঘৰত সোমাই আমলেট বনাই, চাহ খাই চোৰে চলালে এই চাফাই অভিযান। চোৰে লকাৰ ভাঙি প্ৰায় নগদ ২০,০০০ টকা আৰু সোণ-ৰূপৰ আ-অলংকাৰ চুৰি কৰাৰ লগতে আন বহু মূল্যৱান সা-সামগ্ৰী চোৰে লৈ যায়।
উল্লেখ্য চোৰে ইমানতে ক্ষান্ত নাথাকি পাকঘৰত সোমাই চাহ, আমলেট, মুৰি খাই চোৰে চলাই চাফাই অভিযান। লগতে ৰজনীগন্ধা চোবাই, চিগাৰেট খাই পেকেট পেলাই থৈ গ’ল ঘৰৰ ভিতৰতে।
পুৱা ভাগত ঘৰৰ গৃহস্থ আহি উপস্থিত হোৱাত পৰিলক্ষিত হয় সমগ্ৰ ঘটনা। ইতিমধ্যে বিশ্বনাথ আৰক্ষী থানাৰ (Biswanath Chariali Police) আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ঘৰখনত। কিন্তু, বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত বিহু উপলক্ষে নিশা কোনো নথকাৰ সুযোগ লৈ চোৰে চলোৱা চাফাই অভিযানক কেন্দ্ৰ কৰি এতিয়া বিশ্বনাথবাসীক শংকিত কৰি তুলিছে।
Photo & InpuT: পলাশ প্ৰিয়ম
Discussion about this post