সুৰামত্ত আৰক্ষী জোৱানৰ (Drunk Police) গাড়ীৰ খুন্দাত যুৱক নিহত (Death)। আৰক্ষী জোৱান প্ৰদীপ দাসক গ্ৰেপ্তাৰ (Arrest)। শিৱসাগৰৰ (Sivasagar) ২নং মঠাদাঙত সুৰামত্ত আৰক্ষী জোৱানৰ ৱেগ’নাৰৰ খুন্দাত এজন যুৱকৰ মৃত্যু হোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
সুৰামত্ত অসম আৰক্ষীৰ জোৱানৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত নৱজ্যোতি ফুকন নামৰ যুৱকজনক নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও পথতে মৃত্যুক সাৱটে।
উল্লেখ্য মঙলবাৰৰ নিশা AS 01 BD 5730 নম্বৰৰ ৱেগ’নাৰ আৰোহী প্ৰদীপ দাস নামৰ আৰক্ষী জোৱান জনৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল AS 04 T 1765 নম্বৰৰ হিৰ’ এছিভাৰ ১৫০ বাইক আৰোহী নৱজ্যোতি ফুকন নামৰ যুৱকজন।
ততাতৈয়াকৈ তেওঁক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও উপযুক্ত চিকিৎসা লাভৰ পূৰ্বে মৃত্যু হয়। লক্ষ্যণীয় যে দুৰ্ঘটনাৰ পিছতে আৰক্ষী জোৱানজনে পলায়নৰ চেষ্টা চলাই যদিও ৰাইজে খেদি খেদি কৰায়ত্ত কৰে। শিৱসাগৰ আৰক্ষীয়ে (Sivasagar Police) নিশাই প্ৰদীপ দাস নামৰ জোৱানজনক গ্ৰেপ্তাৰ কৰে।
থানাত ৰুজু কৰা ১৩৩১/২০২১ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৩০৪(এ) ৰ অধীনত গ্ৰেপ্তাৰ আৰক্ষী জোৱান জনক। লক্ষ্যণীয় যে দুৰ্ঘটনা সংঘটিত কৰা ৱেগ’নাৰৰ পৰা সুৰাৰ বটল, আৰক্ষী বিভাগৰ বেল্ট, টুপীও উদ্ধাৰ হয়।
প্ৰদীপ দাস নামৰ আৰক্ষী জোৱানজন লিগিৰীপুখুৰী স্থিত APBNত কৰ্মৰত। ইফালে জোৱান জনক কঠোৰ শাস্তিৰ দাবীত বিয়লি একাংশ ৰাইজে শিৱসাগৰ থানা (Sivasagar Police) ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰা তোলে।
Photo & Input: দ্বীপজোতি গগৈ
Discussion about this post