শনিবাৰে নিশা নগাঁৱত আৰক্ষীৰ (Nagaon Police) গুলীত (Police Firing) প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা আহত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নগাঁও আৰক্ষীয়ে (Nagaon Police) এগৰাকী ছাত্ৰ নেতালৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই গুলীচালনাত গুলীবিদ্ধ হয় ছাত্ৰ নেতা তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সধাৰণ সম্পাদক কীৰ্তিকমল বৰা। সোঁভৰিত গুলী লগা ছাত্ৰ নেতাজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে নিশাই কীৰ্তিকমল বৰাক GMCHত ভৰ্তি কৰোৱা হয়।
দেওবাৰে নিশা কোকৰাঝাৰত উপস্থিত হোৱা আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Samujjal Kumar Bhattacharya) নগাঁৱত আৰক্ষীয়ে ছাত্ৰনেতাক গুলীওৱা ঘটনা সন্দৰ্ভত (Nagaon Firing Case) বিস্ফোৰক মন্তব্য প্ৰদান কৰি কয় যে- ‘অসমত পুলিচীৰাজ চলিব দিয়া নহ’ব। অত্যাচাৰী ৰাজত্ব চলিবলৈ দিয়া নহ’ব। নগাঁৱৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন।
অসমত গণতন্ত্ৰ নাই, পুলিচতন্ত্ৰ চলিছে বুলি কোৱাৰ লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে ৰাজ্যত মুক্তহত্যাৰ ৰাজত্ব চলিব নোৱাৰিব। তাৎপৰ্যপূৰ্ণভাৱে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে ‘মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিষয়াসকলক লৈ সভা পতাৰ পিছতে এনে ঘটনা সংঘটিত হোৱাই কি সূচায় ?’
ইফালে শনিবাৰে নগাঁৱত (Nagaon Encounter) সংঘটিত হোৱা এনকাউণ্টাৰ (Nagaon Firing Case) ঘটনাৰ সন্দৰ্ভত দেওবাৰে সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় (CM Himanta Biswa Sarma) যে, ‘নগাঁৱৰ ঘটনাৰ বাবে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক তদন্তৰ দায়িত্ব দিয়া হৈছে ৷ সাত দিনৰ ভিতৰত প্ৰতিবেদন দিব ৷ অসম আৰক্ষী সাধাৰণ ৰাইজৰ বন্ধু হ’ব লাগে ৷ শনিবাৰৰ ঘটনাটো যদি অসম আৰক্ষী দোষী হয়, নিশ্চয় কঠোৰ শান্তি পাব। এই ঘটনাত ঘটনাস্থলীত থকা আৰক্ষীসকলক ৰিজাৰ্ভত থাকিবলৈ কোৱা হৈছে ৷ আইন মতে দোষী হ’লে শাস্তি পাব ৷’
নগাঁও গুলীচালনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ (MLA Rupak Sarma) । উক্ত ঘটনাক কেন্দ্ৰ কৰি কোনেও ৰাজনীতি কৰিব নালাগে। উক্ত ঘটনাক লৈ এক তদন্ত কমিটি গঠন কৰা হৈছে। ইয়াৰ প্ৰতিবেদন ৭ দিনৰ ভিতৰত দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ কথা সংবাদমাধ্যমক জানিবলৈ দিছে বিধায়ক ৰূপক শৰ্মাই ।
গুলীবিদ্ধ কীৰ্তিকমল বৰাৰ ঘৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Borah) । নগাঁও আৰক্ষীয়ে বিনা দোষত গুলীয়াই গুৰুতৰভাৱে আহত ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ নগাঁৱৰ বাসগৃহত দেওবাৰে সন্ধিয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আতংকিত পৰিয়াল বৰ্গৰ লগত মিলিত হয়।
সংবাদমাধ্যমৰ আগত বিধায়ক ৰূপক শৰ্মাই নগাঁও ঘটনাটোক লৈ বিৰোধীয়ে ৰাজনীতি কৰাৰ অভিযোগ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ দি ভূপেন বৰাই কয় যে – ৰাজনীতি এটা ভাল বস্তু, আমাক জানিবলৈ কৰিবলৈ ৰাইজে দায়িত্ব দিছে। সংবাদমাধ্যমৰ আগত তেওঁ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।
উল্লখ্য পৰিয়ালৰ লোকে দিয়া ঘটনাৰ বিবৰণী অনুসৰি নিশা কীৰ্তিকমল বৰাই ৰুগীয়া মাতৃৰ দৰৱ মাৰিবলৈ যোৱাৰ পথতে নগাঁও আৰক্ষীৰ এটা দলৰ লগত কিবা কথাত তৰ্ক বিতৰ্ক হয়। ইয়াৰ পাছতে আৰক্ষীয়ে কীৰ্তিকমল বৰাক ভৰিত গুলী কৰে। এই গুলিচালনাৰ ঘটনা সংঘটিত হয় নগাঁও চহৰৰ কচলুখোৱাৰ ৰাস ফিল্ডৰ সমীপত। গুলীবিদ্ধ কীৰ্তিকমলক লগে লগে ভৰ্তি কৰা হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত। ইয়াৰ পাছতে নগাঁও অসামৰিক চিকিৎসালয় চৌহদত এক উত্তপ্ত পৰিস্থিতি হয়। কীৰ্তিকমলৰ পৰিয়ালৰ লোকে আৰক্ষীৰ বিৰুদ্ধে আনে নানান অনিয়মৰ অভিযোগ। নগাওঁ আৰক্ষীৰ বণিয়া উপাধিৰ এজন জোৱানে সুৰামত্ত অৱস্থাত পৰিকল্পিতভাৱে গুলীচালনা কৰিছে বুলি অভিযোগ কৰিছে ছাত্ৰ নেতাজনৰ পৰিয়ালে।
গুলিবিদ্ধ কীৰ্তিকমলে সংবাদ মাধ্যমক জনোৱা মতে নগাঁও আৰক্ষীৰ এটা দলে পথত এজন লোকক দুৰ্ব্যৱহাৰ কৰি থকাৰ সময়ত তেওঁ প্ৰতিবাদ কৰাৰ বাবেই আৰক্ষীৰ দলটোৰ লগত প্ৰথমে তৰ্ক বিতৰ্ক হয় আৰু লগে লগে আৰক্ষীয়ে তেওঁক ভৰীত গুলী কৰে।
আনহাতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে কীৰ্তিকমল বৰাৰ পৰা ৮টা ড্ৰাগছৰ কণ্টেইনাৰ আৰু সুৰাৰ বটল উদ্ধাৰ হোৱাৰ কথা।
Photo & Input: Khatang Khobor
Discussion about this post