পুৱাই সংঘটিত হৈছে ৰহাত (Raha) এক ভয়ানক দুৰ্ঘটনা (Road Accident)৷ ৰহাৰ সমীপত ডিমৌৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা ৷ দুখনকৈ গাড়ী এখনে আনখনক বচাবলৈ গৈ ডিভাইডাৰত খুণ্ডিয়াই দুৰ্ঘটনাত পতিত হয় ৷
AS 01 DZ 2725 নম্বৰৰ এখন ছুইফ্ট ডিজাৰ গাড়ীক মহটিয়াই পলায়ন কৰিলে এখন মাল বাহী ট্ৰাকে ৷ আৰু দুৰ্ঘটনাত পতিত হোৱা ছুইফ্ট ডিজাইৰাক পাছফালৰ পৰা আহি থকা AS 01 DZ 6795 নম্বৰৰ এখন ফৰচোনা গাড়ীয়ে মাৰিলে খুন্দা।
আৰু পঢ়কঃ https://khatangkhobor.com/news/targic-road-accident-at-golaghat-2-spot-death/4571/
সম্পূৰ্ণ চিনেমাৰ কায়দাৰে সংঘটিত হোৱা উক্ত দুৰ্ঘটনাত দুজনকৈ লোকৰ সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে নিয়া হৈছে নগাঁৱৰ চিকিৎসালয়লৈ ৷
সংকটজনক অৱস্থাত থকা এগৰাকী জবামণি দাস আৰু আনজন বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে ৷
আনহাতে সম্পূৰ্ণ ঘটনাৰ তদন্ত ৰহা আৰক্ষীয়ে নিজা ববীয়াকৈ লৈছে বুলি জানিব পৰা গৈছে ৷
Photo & Input: জিন্টুমনি শৰ্মা
Discussion about this post