লালুক থানাৰ (Laluk Police) অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডুবিত শুকুৰবাৰে সন্ধিয়া সংঘটিত পথ দুৰ্ঘটনাত (Road Accident) দুই বাইক আৰোহী থিতাতে নিহত হয় (Two Bike Riders Died) ৷ ঘটনা অনুসৰি আজি সন্ধিয়া লালুকৰ ডুবি মালৌ বস্তি নামৰ ঠাইত ১৫নং ৰাষ্ট্ৰীয় পথৰ ওপৰত ৰখাই থোৱা এখন ট্ৰাকৰ পাছফালে দুই বাইক আৰোহীয়ে লালুকৰ দিশৰ পৰা বান্দৰদেৱা দিশে গৈ থকা অৱস্থাত খুন্দা মাৰে ৷
ফলত দুয়োগৰাকী বাইক আৰোহী থিতাতে নিহত হয় ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহন দুখনৰ ট্ৰাকখনৰ নম্বৰ এ এছ ০৭ এ ১৬১১ আকৌ মটৰচাইকেল খনৰ নম্বৰ এ এছ ০৭ এইচ ৭৮৯৮ বুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনাত নিহত এগৰাকী যুৱক লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত নিমুৰি গাৱঁৰ নগেন চুতীয়াৰ পুত্ৰ শিশুৰাম চুতীয়া(৪১) বুলি জানিব পৰা গৈছে ৷ আনগৰাকী লোক ৰঙতি গাঁৱৰ তগৰ চাংমাইৰ পুত্ৰ তথা শিক্ষক মানিক চাংমাই (প্ৰায়৫৬) বুলি জানিব পৰা গৈছে ৷ নিমুৰি গাৱঁৰ শিশুৰাম চুতীয়া জীৱন বীমা নিগমত কাম কৰে বুলি জানিব পৰা গৈছে ৷
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post