ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে চোৰাংচিকাৰী। বিভিন্ন ধৰণৰ জন্তুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকা এচাম চিকাৰী এতিয়া নামি পৰিছে ফৰেষ্টত থকা জন্তুৰ চিকাৰ কৰিবলৈ। হাতত অস্ত্ৰ-শস্ত্ৰ লৈ চোৰাং বেহাত নামি পৰিছে। শেহতীয়াকৈ, হোজাই জিলা লামডিঙ বৰলংপাৰ উপ বন-সংমণ্ডলৰ বিষয়া দিলীপ বৰাৰ নেতত্বত এটা দলে লামডিঙ বনাঞ্চলৰ হাবি জংঘলৰ তহলদাৰী কৰাৰ সময়ত বনৰ ভিতৰৰ পৰা মাৰণাস্ত্ৰ আৰু চোকা অস্ত্ৰ দেখা পাই আটক কৰিবলৈ যায়। কিন্তু সেই সময়তে আৰক্ষীক লক্ষ্য কৰি গুলীয়াবলৈ চেষ্টা কৰে।
আৰু এই সুযোগতে ঘটনাস্থলীৰ পৰা দুজন পলায়ন কৰে যদিও এজনক আটক কৰিবলৈ সক্ষম হয় লামডিং বিভাগৰ তহলদাৰী কৰা দলটোৱে। আটক কৰা চিকাৰীটোৰ নাম ৰাখীব আলী। ৰাখীব ৩নং সাৰথে গাঁৱৰ বাসিন্দা। চিকাৰীটোক আটক কৰাৰ পিছতে বন কৰ্মীৰ দলটোৱে আচামীটোক লামডিং থানাত গতাই দিয়ে।
Photo & Input: চন্দ্ৰজিত গোৱালা
Discussion about this post