দুই দশক ধৰি ৪২টা হত্যা, গাড়ী চুৰি, ড্ৰাগছ সৰবৰাহ, অপহৰণ, হানিট্ৰেপিং আৰু অসংখ্য অপৰাধজনিত কাণ্ডত জড়িত মোষ্ট ৱাণ্টেড কুখ্যাত অপৰাধী বুবু কোঁৱৰ নিহত। আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হ’ল বহু জঘন্য অপৰাধৰ সৈতে জড়িত দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰ।
অসম-নগালেণ্ড সীমান্তৰ গেলেকীৰ দেওপানীত বুধবাৰে সন্ধিয়া অসম আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হয় বুবুৰ ৷ ৪২টা হত্যাকাণ্ড সংঘটিত কৰাৰ কথা নিজ মুখেই স্বীকাৰ কৰিছিল বুবু কোঁৱৰে। শিৱসাগৰ জিলাত বুবুৰ নামত ৰুজু হৈ আছে ১৪টাকৈ গোচৰ ৷
হত্যা, চুৰি, অপহৰণ, অস্ত্ৰ, ড্ৰাগছ সৰবৰাহকে ধৰি বহু জঘন্য অপৰাধৰ সৈতে জড়িত হৈ আছিল কুখ্যাত অপৰাধীটো। গেলেকীত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় আমগুৰি ৰতনপুৰীয়া গাঁৱৰ নিবাসী লোহিত কোঁৱৰৰ কুলাংগাৰ পুত্ৰ বুবু কোঁৱৰ।
বিগত ১৩ মাৰ্চত যোৰহাটত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল বুবু। শেহতীয়াকৈ পুনৰ ড্ৰাগছ সৰবৰাহ আৰু অবৈধ মাৰণাস্ত্ৰ সৰবাৰহত নামি পৰিছিল বুবু কোঁৱৰ ৷
Photo: Google





























Discussion about this post