শুকুৰবাৰে উত্তৰ ছিকিমত (North Sikkim) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে। দুৰ্ঘটনাটোত ৪ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটিলে (Four People Die In Road Accident)। এইটো সপ্তাহতে দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হৈছে একে স্থানতে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোককেইগৰাকীৰ নাম ক্ৰমে- বিহাৰৰ নিবাসী ৰমেশ চন্দ্ৰ বাৰ্মা (৩৮), বন্দনা সিংগম (৩২), চালক সোনম লেপচা (৩৮), আৰু লকপা দৰ্জী লেপচা (২৭), এই দুগৰাকী উত্তৰ ছিকিমৰ চুংথাঙৰ বাসিন্দা।
জানিব পৰা মতে এখন SUV চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰি যোৱাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। উত্তৰ ছিকিমৰ মাংগন-চুংথাং অক্ষৰ মায়ং নদীত সংঘটিত (Vehicle Fell In Meyong River In Mangan-Chungthang Axis In North Sikkim) হৈছে এই দুৰ্ঘটনাটো। য’ত ৪ গৰাকী লোকে হেৰুৱাই প্ৰাণ।
1 civil vehicle carrying 4 passengers met with an accident near Meyong Waterfall, Mangan, North Sikkim.
Personnel of 11th Battalion ITBP rushed to the spot for rescue. All the 4 passengers were found dead. The dead bodies were taken out from the area. pic.twitter.com/TZq2tDT8AR
— All India Radio News (@airnewsalerts) June 3, 2022
বাহনখন তিস্তা এনাৰ্জি প্ৰাইভেট লিমিটেডৰ অন্তৰ্গত। মংগন আৰক্ষী থানা (Mangan Police Station) আৰু চুংথাং আৰক্ষীয়ে (Chungthang PS) নৰ্থ ছিকিম টুৰিষ্ট চালক এছ’চিয়েচন আৰু স্থানীয় লোকে মিলি নদীখনত তালাচী আৰু উদ্ধাৰ অভিযান চলাই মৃতদেহসমূহ উদ্ধাৰ কৰে।
এই সপ্তাহৰ আৰম্ভণিতে ২৯ মে’ত মহাৰাষ্ট্ৰৰ পাঁচজন পৰ্যটক আৰু এজন স্থানীয় চালক উত্তৰ ছিকিমৰ লাচুঙৰ ওচৰৰ খেদুঙত একেধৰণৰ পথ দুৰ্ঘটনাত জড়িত আছিল।
ৰাজ্যিক পৰ্যটন বিভাগ আৰু উত্তৰ জিলা প্ৰশাসনে খেদুঙৰ অন্তিম ঘটনাটোত শোক প্ৰকাশ কৰিছিল। অৱশ্যে, উত্তৰ ছিকিমৰ যাত্ৰীসকলৰ ভ্ৰমণ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নায়।
Photo: Google
Discussion about this post