ৰাজ্যত (Assam) এতিয়া বান (Flood) আৰু ভূমিস্খলনৰ (Landslide) সংহাৰী ৰূপ। জ্বলা-কলা খুৱাইছে বাঢ়নি পানীয়ে আৰু ভয়ংকৰ ভূমিস্খলনে। গৃহহীন হৈছে শ শ পৰিয়াল, শতাধিক জনে হেৰুৱাইছে প্ৰাণ। ইফালে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো (Northeast) ৰুষ্ট প্ৰকৃতিৰ বিনষ্টকাৰী ৰূপ। ৰুষ্ট প্ৰকৃতিৰ কবলত অসম তথা উত্তৰ-পূৰ্বাঞ্চল। এতিয়াও অসম তথা উত্তৰ-পূবৰ পৰিস্থিতি ভয়াৱহ কৰি ৰাখিছে বান আৰু ভূমিস্খলনে।
অসমত বানৰ সংহাৰী ৰূপৰ মাজতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিল অসম আৰু ত্ৰিপুৰাৰ (Assam And Tripura Communication) মাজৰ যাতায়ত। শুকুৰবাৰে পুৱা কৰিমগঞ্জ বাইপাছৰ (Karimganj Bypass) কাষৰ পোৱামাৰা আৰঅ’বিৰ এটা অংশ বানে উটুৱাই নিয়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰে অসম আৰু ত্ৰিপুৰাৰ মাজত।
জিলা প্ৰশাসনে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত কৰিমগঞ্জ বাইপাছৰ আধা অংশ ছিগি যায়। যাৰ ফলত পথটোৰে যান-বাহনৰ চলাচল বন্ধ হৈ পৰে।
ইফালে যান-বাহনৰ চলাচলৰ বাবে বাবা হোটেলৰ পৰা কৰিমগঞ্জ টাউন হৈ পোৱামাৰলৈ বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ভগ্ন পথটো মেৰামতি কৰি আৱদ্ধ হৈ থকা যান-বাহন সমূহ মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে।
Photo: News8 Northeast
Published BY: Dulu Medhi
Discussion about this post