প্ৰকাশ পালে নতুন SOP। কাইলৈ নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ (Curfew)। কাইলৈ পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা ক’ভিডৰ (Covid-19) সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক হৈছে ৰাজ্য চৰকাৰ। বিগত কেইটামান দিন ধৰি ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে গুৱাহাটীৰ (Guwahati) লগতে ৰাজ্যৰ আন প্ৰান্ততো। বৃহস্পতিবাৰে এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ (Health Department) সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী (Himanta Biswa Sarma)।
নিশা ১০ বজাৰ পূৰ্বে অৰ্থাৎ ৯.৩০ বজাত দোকান-পোহাৰ সমূহ বন্ধ কৰিব লাগিব। আনহাতে ক’ভিডৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ অসমত পঞ্চম শ্ৰেণীলৈ সকলো বিদ্যালয় বন্ধ থাকিব। ইয়াৰ বিপৰীতে গুৱাহাটীত অষ্টম শ্ৰেণী পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়।
ইফালে নৱম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত পৰ্যায়ক্ৰমে হ’ব। দ্বাদশ শ্ৰেণীৰ পাঠদান সম্পূৰ্ণৰূপে চলিব। ক’ভিড প্ৰতিৰোধৰ বাবে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি বিয়া অনুষ্ঠানত ২০০ জন মানুহ উপস্থিত থাকিব পাৰিব। সভা-সমিতিত ৫০ শতাংশতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। ৰাজহুৱা স্থানত মাস্ক পিন্ধা বাধ্যতামূলক কৰাৰ লগতে সাপ্তাহিক বজাৰ সমূহ ৬ ঘণ্টাহে খোলা ৰাখিব পাৰিব।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/road-accident-at-abhayapuri-in-assam/5908/
Discussion about this post