Watch Viral Video: পশ্চিমবংগৰ (West Bengal) বীৰভূমৰ পৰা (Birbhum) এটা আচৰিত ঘটনা (Horrific Incident) পোহৰলৈ আহিছে, য’ত সামান্য তৰ্ক-বিতৰ্কৰ পিছত ৰে’লখনত যাত্ৰা কৰি থকা এজন লোকে আন এজন যাত্ৰীক চলন্ত ৰে’লৰ পৰা বাহিৰলৈ ঠেলা মাৰি দিয়ে (Passenger Pushed Off Another Passenger From Moving Train)। ঠেলা মাৰি ভগৱানক হাতেৰে সেৱাও জনায়। এই ঘটনাটোত যাত্ৰীজন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। আৰক্ষীয়ে ঠেলা মাৰি দিয়া লোকজনক গ্ৰেপ্তাৰ (Accused Arrest) কৰিছে। এই সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ ৰে’লখনত ভ্ৰমণ কৰি থকা এজন যাত্ৰীয়ে ৰেকৰ্ড কৰিছিল, যিটো ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ আছে।
চলন্ত ৰে’লৰ পৰা মাৰে ঠেলা
জানিবলৈ দিয়া অনুসৰি, এই ঘটনাটো বীৰভূম জিলাৰ (Birbhum District) তাৰাপীঠ ৰোড আৰু ৰামপুৰহাট ৰে’ল ষ্টেচনৰ (Rampurhat Railway Station) মাজত সংঘটিত হৈছিল। হাওৰাৰ পৰা মালদালৈ গৈ থকা intercity expressত দুয়োগৰাকী যাত্ৰী যাত্ৰা কৰি আছিল। তেতিয়াই কিবা কথা এটাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি আৰম্ভ হৈছিল। চাওতে চাওতে ঘটনাটো হতাহতিলৈ গৈ পাইছিল। ইয়াৰ মাজতে এজন যাত্ৰীৰ খং উঠি যায় আৰু যাত্ৰীজনে কাজিয়া কৰি থকা আনজন যাত্ৰীক চলন্ত ৰে’লৰ পৰা ঠেলা মাৰি দিয়ে।
Watch Viral Video:-
আৰক্ষীয়ে সংকটজনক অৱস্থাত লোকজনক উদ্ধাৰ কৰে
দেওবাৰে পুৱা সেই যাত্ৰীজনক ৰে’ল আৰক্ষীয়ে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত ট্ৰেকৰ পৰা উদ্ধাৰ কৰে। আহত যাত্ৰীজনৰ নাম সজল শ্বেখ আৰু বীৰভূমৰ ৰামপুৰহাটৰ বাসিন্দা। ৰে’ল আৰক্ষীয়ে (Railway Police) তালাচী অভিযান চলাই তাৰাপীঠ তথা ৰামপুৰহাট ৰে’লৱে ষ্টেচনৰ একেবাৰে মাজতে ৰে’ল লাইনত সজলক উদ্ধাৰ কৰে আৰু ৰামপুৰহাট চৰকাৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱায়। য’ত তাৰ অৱস্থা যথেষ্ট সংকটজনক বুলি কোৱা হৈছে।
অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে
ঘটনা সন্দৰ্ভত ৰে’ল বিষয়াই কয় যে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু চৰকাৰী ৰে’লৱে আৰক্ষীয়ে (GRP) সন্দেহ কৰিছে যে অন্য কিছুমান লোকো এই অপৰাধত জড়িত হৈ আছে। তেওঁ কয় যে ঘটনাটো শনিবাৰে নিশা তাৰাপীঠ ৰোড আৰু ৰামপুৰহাট ষ্টেচনৰ মাজত সংঘটিত হৈছিল।
Photo: Zee News
Discussion about this post