ভাৰতীয় সংগীত উদ্যোগৰ (Indian Music Industry) অন্যতম প্ৰিয় গায়ক কে কে (Krishnakumar Kunnath)ৰ মঙলবাৰে ৩১ মে’ত কৰুণ মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে এখন কলেজ কনচাৰ্টৰ বাবে কলকাতাত আছিল,যাৰ পিছত হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কণ্ঠশিল্পীজন তেওঁৰ হোটেলৰ শোৱনি কোঠাত বাগৰি পৰিছিল। তেওঁক ততাতৈয়াকৈ কলকাতাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত তেওঁক মৃত বুলি ঘোষণা কৰা হৈছিল। কেকেৰ পৰিয়াল আজি কলকাতাত উপস্থিত হৈছে।
কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত বিভিন্ন স্তৰৰ মানুহে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই সন্দৰ্ভত প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট কোহলী (Virat Kohli) আৰু শিখৰ ধাৱানেও (Shikhar Dhawan) টুইট কৰিছে। কোহলী-ধাৱানে টুইট কৰি তেওঁলোকৰ দুখঃপ্ৰকাশ (Condolences) কৰে।
ইফালে তেওঁৰ মৃত্যুত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও (Zubeen Garg) টুইটাৰযোগে শোকপ্ৰকাশ কৰিছে।
It’s shocking & unbelievable.
A great loss to the Indian music industry.
Heartfelt condolences to his family and close ones.
#RIPKK #KKsinger #LegendKK #kk pic.twitter.com/ifJc35CgNS— zubeen garg (@Zubeengarg_) May 31, 2022
কলকাতাত অনুষ্ঠিত সংগীতানুষ্ঠানৰ কেইবাটাও ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এটা ভিডিঅ’ত কেকেই কৈছিল, ”हाय मैं मर जाऊं यहीं पर”। এই ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈ আছে। কে.কেৰ মৃত্যুৰ পিছত, কোহলীয়ে টুইট কৰি তেওঁৰ শোক প্ৰকাশ কৰে। তেওঁ লিখিছিল, “আমাৰ সময়ৰ এজন চমৎকাৰ গায়কক হেৰুৱাটো দুখজনক। তেওঁৰ পৰিয়াল আৰু তেওঁৰ ওচৰৰ লোকসকলৰ প্ৰতি সহানুভূতি।”
Lost a magnificent singer of our times and so suddenly. Condolences to his family and close ones. #KK🙏
— Virat Kohli (@imVkohli) June 1, 2022
#RIPKK 🙏 Such a beautiful voice with music that made us all emotional. My condolences to his loved ones. pic.twitter.com/ukB6FNZBu7
— Shikhar Dhawan (@SDhawan25) June 1, 2022
কিংবদন্তী বেটছমেন শিখৰ ধাৱানেও কেকেক লৈ টুইট কৰিছে। তেওঁ লিখিছিল, “এটা অতি সুন্দৰ কণ্ঠস্বৰ আৰু সংগীতে আমাক আকৰ্ষিত কৰিছে। তেওঁৰ প্ৰিয়জনৰ প্ৰতি মোৰ সহানুভূতি আছে।
উল্লেখযোগ্য চলচ্চিত্ৰ উদ্যোগৰ কিংবদন্তি গায়ক কে কেয়ে বহুতো ভাষাত গান গাইছে। ‘টুম মিলে’ ছবিৰ দিল ইবাডট, ‘বছনা এ হাছিনো’ৰ খুদা জানে, ‘ঔম শান্তি ঔম’ৰ আখো ম্যে টেৰি, ‘জন্নত’ৰ জৰা ছি দিল মে দে জগহ টু, ‘ৱ লমহে’ৰ ক্যা মুঝে প্যাৰ হ্যে, ‘গেংষ্টাৰ’ৰ টুহি মেৰি ছব হ্যে, ‘মাৰ্ডাৰ থ্ৰী’ৰ মত আজমা ৰে, ‘বজৰংগী ভাইজান’ৰ টু জো মিলা, ‘দ্য ট্ৰেইন’ৰ বিটে লমহে। হাম ৰহে য়্যা ন ৰহে কল। ৭০০ৰো অধিক ভিন্ন ভাষাৰ গীতত কণ্ঠদান কৰা জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে তেওঁৰ অসংখ্য অনুৰাগীক। উল্লেখ্য যে, হিন্দী, গুজৰাটী আদি অন্যান্য ভাষাৰ লগতে অসমীয়া গীততো কণ্ঠদান কৰিছিল কে কেয়ে।
এইসমূহ সুন্দৰ সংগীতেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল। তেওঁৰ মৃত্যুত খাটাং খবৰৰ পৰিয়ালৰ ফালৰ পৰাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/husband-divorces-wife-after-she-cooks-maggi-viral-news/9440/
Discussion about this post