উত্তৰ প্ৰদেশৰ (Uttar Pradesh) আমৰোহা জিলাৰ (Amroha District) পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। বাতৰি অনুসৰি, নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হোৱাত ক্ষুব্ধ স্বামীয়ে (Husband) ডিঙি চেপি পত্নীক (Wife) কৰে হত্যা (Murder), যাক আৰক্ষীয়ে (Police) গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এগৰাকী ৩৪ বছৰীয়া লোকে নিজৰ ৩০ বছৰীয়া পত্নীক হত্যা (Murder) কৰে, কাৰণ মহিলাগৰাকীয়ে এটা ৰাতিতে দুবাৰকৈ দুবাৰকৈ যৌন সম্ভোগ কৰাৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছিল।
আৰক্ষীৰ সন্মুখত এক ভিডিঅ’ বিবৃতিত অভিযুক্তজনে হত্যাৰ কথা স্বীকাৰ কৰিছে। লোকজনে কয় যে তেওঁ সোমবাৰে নিশা তেওঁৰ পত্নীক যৌন সম্ভোগৰ বাবে জগাইছিল। কিছু সময়ৰ পিছ লোকজনে সি পুনৰ যৌন সম্ভোগ কৰিব বিচাৰিছিল, কিন্তু পত্নীয়ে অস্বীকাৰ কৰিছিল। যাৰ ফলত লোকজনৰ খং উঠিছিল আৰু ৰচীৰ টুকুৰাৰে ডিঙি চেপি মহিলাগৰাকীৰ হত্যা কৰে। হত্যাৰ পিছত মৃতদেহটো এটা পলিথিন বস্তাত পেক কৰি ঘৰৰ পৰা ৫০ কিলোমিটাৰ দূৰত দলিয়াই দিছিল, তাৰ পিছত লোকজনে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যে তেওঁৰ পত্নী নিৰুদ্দেশ হৈছে।
আৰক্ষীয়ে মঙলবাৰে ঠাকুৰদ্বাৰৰ ৰাতুপুৰা গাঁৱৰ ওচৰত এগৰাকী মহিলাৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ (Deadbody Recover) কৰে। ঠাকুৰদ্বাৰ আৰক্ষী থানাত হত্যাৰ এজাহাৰ পঞ্জীয়ন কৰাৰ পিছত, তেওঁলোকে তেওঁলোকৰ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহটোৰ ফটো ওচৰৰ আৰক্ষী থানাৰ সৈতে শ্বেয়াৰ কৰে। আমৰোহাত দাখিল কৰা এটা নিৰুদ্দেশৰ ঘটনাৰ সৈতে মিলোৱাৰ পিছত মুৰাদাবাদ আৰক্ষীয়ে (Moradabad Police) মৃতদেহটো চিনাক্ত কৰিবলৈ অভিযুক্ত লোকজনক মাতে, কিন্তু আৰক্ষীয়ে সোধা-পোছা কৰি থকাৰ সময়ত লোকজন ভাঙি পৰে আৰু নিজৰ অপৰাধ স্বীকাৰ কৰে।
উল্লেখ্য আমৰোহাৰ বাসিন্দা ভুক্তভোগী মৃত মহিলাগৰাকীৰ বিয়া ২০১৩ চনতে হৈছিল। দুয়োৰে ৩টা সন্তান আছে। অভিযুক্তই নিজৰ ঘৰৰ মহলাত এখন বেকাৰী চলায়, আনহাতে তেওঁৰ পৰিয়াল প্ৰথম মহলাত থাকে। বৰ্তমান, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰি আছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/astro-tips-for-hanky-these-auspicious-colour-of-rumal/12762/
Discussion about this post