উত্তৰ প্ৰদেশৰ (Uttar Pradesh) মুজাফ্ফৰনগৰত (Muzaffar Nagar) বৃহস্পতিবাৰে পুৱা দুখন স্কুল বাছৰ মুখামুখি সংঘৰ্ষ হয় (Two School Bus Collision)। সংঘৰ্ষ হোৱা দুখন স্কুল বাছৰ ভিতৰত এখন বাছ জিডি গোয়েংকা পাব্লিক স্কুলৰ, আনখন বাছ ৰবীন্দ্ৰ নাথ স্কুলৰ। দুয়োখন বাছে ছাত্ৰ-ছাত্ৰীসকলক ঘৰৰ পৰা বিদ্যালয়লৈ লৈ গৈ আছিল। এই ঘটনাত ভাতৃ আৰু ভগ্নীয়ে প্ৰাণ হেৰুৱাই (Death Sister And Brother), আনহাতে ১৪ গৰাকী লোক আহত (14 Injured) হয়। আহতসকলৰ ভিতৰত আছে ১০টা শিশু আৰু ২জন চালক, ২জন কণ্ডাক্টৰ। ৬টা শিশুৰ অৱস্থা গুৰুতৰ। ইয়াৰ ভিতৰত ৪টা শিশুক মিৰাটলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটো চহৰ কোতৱালীৰ বুঢ়ানা টাৰ্ণৰ ওচৰত সংঘটিত হৈছিল।
বুঢ়ানা টাৰ্ণৰ ওচৰত কুঁৱলীৰ বাবে দ্ৰুতবেগী বাছ দুখনৰ মাজত মুখা-মুখি সংঘৰ্ষ হৈছিল। সংঘৰ্ষ ইমানেই দ্ৰুত আছিল যে এখন বাছ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। বাছখনৰ ওপৰভাগ উৰি যায়। আগৰ অংশ ভাগি পৰিছিল। আনহাতে আনখন বাছৰ কাষটোও বেয়াকৈ ভাঙি গৈছিল।
ঘটনাটোৰ পিছত ঘটনাস্থলীত হাহাকাৰ হৈছিল। আশে-পাশে থকা মানুহবোৰ দৌৰি আহিছিল। তেওঁলোকে বাছখনত আৱদ্ধ হৈ থকা আঘাতপ্ৰাপ্ত শিশুসকলক উলিয়াবলৈ চেষ্টা কৰিছিল। এখন বাছ ইমানেই চূৰ্ণ-বিচূৰ্ণ হৈছিল যে তাত আৱদ্ধ শিশুসকলক বাহিৰলৈ উলিয়াই অনাটো বহুত কঠিন আছিল। তথ্য পোৱাৰ পিছত আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়। ততাতৈয়াকৈ দুয়োখন বাছৰ আঘাতপ্ৰাপ্ত শিশুসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
দুৰ্ঘটনাটোত জিডি গোয়েংকা পাব্লিক স্কুলত অধ্যয়ন কৰা ভাই-ভনী চেলিম (১২) আৰু মহা (৮)ৰ মৃত্যু হয়। আনহাতে জিডি গোয়েংকাৰ শিক্ষাৰ্থী অক্ষিত মালিক, দক্ষিত মালিক, তোচিক চিকিৎসাধীন হৈ আছে।
প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে জিডি গোয়েংকা স্কুলৰ বাছখন শ্বাহপুৰ অভিমুখে গৈ আছিল, আনহাতে ৰবীন্দ্ৰ নাথ স্কুলৰ বাছখন বিপৰীত দিশৰ পৰা আহি আছিল। বুঢ়ানা টাৰ্ণৰ আগতে ফ্ৰেইট কৰিডৰ ৰে’ললাইনৰ ওচৰত দুয়োখন স্কুল বাছৰ সংঘৰ্ষ হৈছিল। মানুহে কৈছিল যে জিডি গোয়েংকা পাব্লিক স্কুলৰ বাছখন অতি দ্ৰুত গতিত বিপৰীত দিশত আগবাঢ়ি আছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/most-wanted-rhino-poacher-arrested-from-kerela-by-assam-police/6933/
Discussion about this post