এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথৰ (Chandigarh Manali National Highway) ১৭ মাইলত। তিনিমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈ জীৱনৰ কিছু সুখৰ মুহূৰ্ত (Honeymoon) একেলগে পাৰ কৰাৰ মানসেৰে হাঁহি-ফূৰ্তিৰে মানালীলৈ গৈ আছিল নৱবিবাহিতা দম্পতী (Newly Married Couple)। কিন্তু মৃত্যু কেতিয়া, কাৰ কাষ চাপে কোনোৱে ক’ব নোৱাৰে। এক ভংয়কৰ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় স্বামী-স্ত্ৰী দুয়োজনে (Wife And Husband Died)।
এখন ট্ৰাক আৰু এখন থাৰ বাহনৰ মাজত (Thar And Truck Collision) সংঘটিত ভয়ংকৰ খুন্দাখুন্দিত প্ৰাণ হেৰুৱালে উত্তৰ প্ৰদেশৰ নৱবিবাহিতা স্বামী-স্ত্ৰীয়ে। মাথো তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো।
জানিবলৈ দিয়া অনুসৰি উত্তৰ প্ৰদেশৰ (UttarPradesh) ললিতপুৰ জিলাৰ তালবেহাট তহচিলৰ কাকৰি গাঁৱৰ নিৱাসী ৰোহিত কৌশিক (২৩) আৰু মানসী (২৩) নামৰ নৱ বিবাহিত দম্পতীয়ে তেওঁলোকৰ মধুচন্দ্ৰিকা (Honeymoon) যাপনৰ বাবে মানালীলৈ গৈ আছিল। এখন থাৰ বাহনেৰে দুয়ো গৈ থকাৰ সময়তে মানালী পাবলৈ মাত্ৰ ১১ কিলোমিটাৰ বাকী থকা সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (Horrific Road Accident)।
বিপৰীত দিশৰ পৰা এখন দ্ৰুতবেগী ট্ৰাকে থাৰখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত থাৰখন চিন্ন বিচ্চিন্ন হৈ ছিটিকি পৰে। দুৰ্ঘটনাটোৰ ফলত ৰোহিত আৰু মানসীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাক চালকজনে। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰাক চালকজনে ভুল দিশেৰে আহি থকাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি পলাতক চালকজনৰ সন্ধান চলাই আছে।
Photo: Google
Discussion about this post