মৃত্যু কেতিয়া, কাৰ, ক’ত, কেনেকৈ আহে কোনোৱে নাজানে! বন্ধুৰ সৈতে সুদূৰ লাডাখলৈ (Ladakh) বাইকেৰে যাত্ৰা কৰি পুনৰ ঘৰলৈ ওভতাৰ পথতে শোকাৱহ পথ দুৰ্ঘটনাত (Tragic Incident) প্ৰাণ হেৰুৱালে গুৱাহাটী তেল শোধনাগাৰৰ (Guwahati Oil Refinery) কনিষ্ঠ অভিযন্তা (Junior Engineer Nitu Rajkonwar) নিতু ৰাজকোঁৱৰে (২৮)।
উল্লেখ্য যোৰহাট জিলাৰ মৰিয়নীৰ (Mariani) নাগাজাংকাৰ গড়মূৰ গাঁও নিবাসী প্ৰণৱ ৰাজকোঁৱৰ আৰু অণু গগৈ ৰাজকোঁৱৰৰ একমাত্র সন্তান আছিল নিতু ৰাজকোঁৱৰ। নিতু পেছাত অভিযন্তা, কিন্তু বাইকখন এৰি থাকিব নোৱাৰে। বাইক লৈ বহু দূৰ দূৰলৈ যায় ফুৰিব। ঠিক তেনেদৰে এইবাৰো বাইক চলাই যাত্ৰা কৰিছিল লাডাখলৈ। তিনিজন বন্ধুৰ সৈতে লাডাখলৈ বাইক লৈ গৈছিল। সকলো ঠিকেই আছিল। সুকলমে লাডাখ ফুৰি আহি যোৱা ১২ জুনত স্বগৃহলৈ ঘূৰি অহাৰ সময়তে পুৱা ১০.৩০ বজাত উত্তৰ প্ৰদেশৰ (Uttarpradesh) কনৌজ জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)।
সেই পথ দুৰ্ঘটনাটোত ঘটনাস্থলীতে কৰুণ মৃত্যুক (Tragic Died) সাৱটি লয় নিতু ৰাজকোঁৱৰে। গুৱাহাটী নুনমাটি তেল শোধনাগাৰত (Noonmati Oil Refinery) সহকাৰী অভিযন্তা হিচাপে কৰ্মৰত আছিল নিতু।
অত্যন্ত অমায়িক আৰু ভদ্ৰ যুৱ অভিযন্তাজনৰ আকস্মিক মৃত্যুত নাগাজাংকাৰ লগতে মৰিয়নী অঞ্চলত শোকৰ ছাঁ পৰিছে। সোমবাৰে সন্ধিয়া মৃতদেহ বিমানযোগে গুৱাহাটী আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। তাতেই অন্তিম শ্রদ্ধাঞ্জলি জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয় নিতুৰ।
পিতৃ প্ৰণৱ ৰাজকোঁৱৰ আৰু মাতৃ অণু গগৈ ৰাজকোঁৱৰে একমাত্র সন্তানক হেৰুৱাই শোকাহত হৈ পৰিছে।
Photo: Rajiv Karmakar
Published By: Dulu Medhi
Discussion about this post