Noida Viral Video: আপোনাৰ নিশ্চয়কৈ মনত আছে প্ৰিয়দৰ্শিনীৰ কথা। লক্ষ্ণৌৰ (Lucknow) ৰাজপথত এগৰাকী কেব চালকক উপৰ্যুপৰি চৰ শোধাই সংবাদৰ শিৰোনাম দখল কৰিছিল প্ৰিয়দৰ্শিনীয়ে। এইবাৰ আন এগৰাকী প্ৰিয়দৰ্শিনীৰ আৱিৰ্ভাৱ ঘটিল ৰাজপথত। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দ্বিতীয় গৰাকী প্ৰিয়দৰ্শিনীৰ এটা ভিডিঅ’।
উত্তৰ প্ৰদেশৰ (Uttarpradesh) নয়ডাত (Noida) এগৰাকী মহিলাই এজন ই-ৰিক্সা চালকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কাৰণ তেওঁৰ ৰিক্সাই মহিলাগৰাকীৰ গাড়ী স্পৰ্শ কৰিছিল (Lady Slapping E-Rickshaw Driver)। ক্ষুব্ধ মহিলাগৰাকীয়ে ই-ৰিক্সা চালকজনক ৰখাইছিল, তাৰ পিছত ছাৰ্টৰ কলাৰ ধৰি গাড়ীৰ ওচৰলৈ লৈ গৈছিল আৰু তাৰ পিছত তেওঁক উপৰ্যুপৰি চৰ শোধাবলৈ আৰম্ভ কৰিছিল। এতিয়া এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ পৰিছে।
জানিবলৈ দিয়া অনুসৰি মহিলাগৰাকীয়ে ৯০ ছেকেণ্ডৰ ভিতৰত ই-ৰিক্সা চালকজনক ৰাজহুৱাভাৱে ১৭ বাৰ চৰ শোধাইছিল (17 Slap)। তাত বহুতো লোক উপস্থিত আছিল। কিন্তু কোনেও মহিলাগৰাকীক বাধা দিবলৈ চেষ্টা কৰা নাছিল।
সেই সময়ছোৱাত ই-ৰিক্সা চালকজনে মহিলাগৰাকীক একো এটা মাত মতা নাছিল। কেৱল লোকজনক প্ৰহাৰ কৰিয়েই আছিল। কেৱল এয়াই নহয়, মহিলাগৰাকীয়ে ভুক্তভোগীৰ পৰা টকা আৰু মোবাইলো কাঢ়ি লৈছিল। কোৱা হৈছে যে ই-ৰিক্সা চালকজনক এনেদৰে চৰ শোধোৱা মহিলাগৰাকী বিজেপি মহিলা মৰ্চাৰ সদস্য।
Watch Viral Video-
गाड़ी टच होने पर 90 सेकंड में जड़े 17 थप्पड़
ई- रिक्शा से गाड़ी टच होने पर एक महिला ने चालक को बाजार में जमकर पीटा| मामला नोएडा का है। pic.twitter.com/TGe6RXUDbT
— Shubhankar Mishra (@shubhankrmishra) August 13, 2022
অভিযোগ অনুসৰি, ই-ৰিক্সা চালক মিঠুনে চেক্টৰ ১১০ৰ বজাৰৰ মাজেৰে গৈ থকা সময়তে শ্ৰমিক কুঞ্জৰ নিৱাসী কিৰণ সিং নামৰ মহিলাগৰাকীৰ চাৰিচকীয়া বাহনখনত সামান্য স্পৰ্শ কৰিছিল। সেই অপৰাধতে গাড়ীৰ পৰা নামি আহি মহিলাগৰাকীয়ে মিঠুনক চোলাত ধৰি টানি লৈ যোৱাৰ লগতে উপৰ্যুপৰি চৰ শোধায়।
একে সময়তে, কিছুমান লোকক ইয়াৰ এটা ভিডিঅ’ বনোৱা দেখা গৈছিল। তাত উপস্থিত কোনোবাই এই ভিডিঅ’টো ছচিয়েল মিডিয়াত আপলোড কৰে, যিটো এতিয়া ভাইৰেল হৈ পৰিছে। যেতিয়া ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল, মানুহে মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছিল। মহিলাগৰাকীৰ বিৰুদ্ধে ই-ৰিক্সা চালক মিঠুনে আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ পিছতে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কিৰণ সিং নামৰ মহিলাগৰাকীক (Women Detain)। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২১ চনত উত্তৰ প্ৰদেশৰে লক্ষ্ণৌত সংঘটিত হৈছিল এনে এক অনুৰূপ ঘটনা। প্ৰিয়দৰ্শিনী যাদৱ নামৰ এগৰাকী মহিলাই বিনা অপৰাধতে ৰাজপথত এগৰাকী কেব চালকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল। ঘটনাৰ কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
Photo: Twitter
Discussion about this post