এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ (Jammu Kashmir) পুঞ্চ জিলাৰ (Poonch District) চাওজিয়ানৰ সীমান্ত বেল্টৰ ব্ৰাৰী নাল্লাহৰ সমীপত। এই দুৰ্ঘটনাটোত ১২ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় (12 People Died), আনহাতে ২৫ গৰাকী লোক আহত হয় (25 Injured)। আহত লোককেইগৰাকীৰ ভিতৰত ৬ গৰাকীৰ অৱস্থা যথেষ্ট সংকটজনক, যাক এয়াৰ লিফ্ট কৰি জম্মুলৈ লৈ যোৱা হয়।
বুধবাৰে পুৱাই নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী মিনি বাছ দ খাৱৈত (Minibus Accident) বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত ভাৰতীয় সেনা বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
11 die, 25 injured in minibus accident in J-K's Poonch
Read @ANI Story | https://t.co/e0eqyEfsWT#accident #Poonch #JammuAndKashmir #raodaccident #busaccident pic.twitter.com/15QBXiGwq8
— ANI Digital (@ani_digital) September 14, 2022
জানিব পৰা মতে, ৩৬ জনৰো অধিক যাত্ৰী কঢ়িয়াই মিনি বাছখনে গলি ময়দানৰ পৰা পুঞ্চ অভিমুখে গৈ থকা সময়তে বুধবাৰে পুৱা ব্ৰাৰী নাল্লাহৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত (Ditch) বাগৰি পৰে।
ইফালে এই মৰ্মান্তিক দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই (Manoj Sinha) নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰাৰ লগতে আহতৰ পৰিয়ালক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/college-student-commited-suicide-at-nalbari-in-assam/11718/
Discussion about this post