Ind Vs Sa: সৌ সিদিনাই সংঘটিত হৈছিল গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত (Guwahati Barsapara Cricket Stadium) অনুষ্ঠিত হোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি-২০ খেলত। খেল চলি থকাৰ মাজতে কাৰেণ্ট আৰু সাপে সৃষ্টি কৰিছিল বিসংগতিৰ। খেলৰ মাজতেই দুডাল সাপ ওলোৱাৰ লগতে ষ্টেডিয়ামৰ ফ্লাড লাইট হঠাৎ বন্ধ হৈ পৰিছিল। এই ঘটনাৰ পিছতে সৰ্বত্ৰে চৰ্চাও চলিছিল। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ এই ঘটনাৰ পিছতে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই (ACA Secretary Devajit Saikia) এক সংবাদমেলো সম্বোধন কৰিছিল। তেওঁ কৈছিল- ‘সাপ ওলোৱাটো কোনো ইছ্যু নহয়! বেলেগ বেলেগ দেশতো সাপ ওলায়। সাপ ওলোৱাৰ বাবে সকলোৱে মনোৰঞ্জনহে পাইছে। হয়তো তেওঁ ঠিক কথাই কৈছিল কাৰণ এইবাৰ সাপ নহয়, কুকুৰে প্ৰৱেশ কৰিলে ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজতে। পিছে এইবাৰ স্থান দিল্লী। ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজতে বাৰে বাৰে লাগি আছে কেনা।
Dog invades pitch. pic.twitter.com/sH7adhr78G
— That-Cricket-Girl (@imswatib) October 11, 2022
দৰাচলতে মঙলবাৰে দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত (Delhi Arun Jaitley Stadium) ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয়খন এদিনীয়া খেল (Ind Vs Aus ODI Match) চলি থকাৰ সময়তে খেলপথাৰত প্ৰৱেশ কৰে এটা কুকুৰে (Dog Enters In Ground)। দক্ষিণ আফ্ৰিকাৰ বেটিঙৰ সময়তে কুকুৰৰ এনে আকস্মিক প্ৰৱেশত কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিল খেলখন। বৰ্তমান ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে কেইবাখনো ফটো (Social Media Viral Photo)।
অৱশ্যে পিছত কুকুৰটো বাহিৰলৈ উলিয়াই দিয়াৰ পিছত পুনৰ স্বাভাৱিকভাৱেই খেলখন অনুষ্ঠিত হয়। উল্লেখ্য যে, নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তৃতীয়খন এদিনীয়াত ৭ উইকেটত জয়লাভ কৰি চিৰিজ নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ভাৰতে।
Photo: Google
Discussion about this post