গোৱাৰ সমুদ্ৰ তীৰত দুগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে ৰাজ্য বিধানসভাত এক বিতৰ্কিত মন্তব্য কৰে।
এতিয়া মুখ্যমন্ত্ৰীগৰাকী সেই মন্তব্যৰ বাবে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে। সাৱন্তে কৈছিল যে, অভিভাৱকসকলে আত্মনিৰীক্ষণ কৰিব লাগিব যে তেওঁলোকৰ সন্তান কিয় ইমান নিশালৈ সাগৰৰ পাৰত আছিল।
বুধবাৰে সদনত সাৱন্তে ক’লে, “যেতিয়া ১৪ বছৰীয়া শিশু গোটেই নিশা সাগৰৰ পাৰত থাকে তেতিয়া অভিভাৱকসকলে আত্মনিৰীক্ষণ কৰাৰ প্ৰয়োজন। আমি কেৱল এইটোৰ কাৰণে চৰকাৰ আৰু আৰক্ষীৰ ওপৰত দায়িত্ব ঢালি দিব নোৱাৰো যে, সন্তানে কথা নুশুনে।”
“শিশুৰ সুৰক্ষা নিশ্চিত কৰাটো পিতৃ-মাতৃৰ দায়িত্ব”
গৃহ বিভাগৰ দায়িত্ব গ্ৰহণ কৰা সাৱন্তে কৈছিল যে, তেওঁলোকৰ সন্তানৰ সুৰক্ষা নিশ্চিত কৰাটো অভিভাৱকৰ দায়িত্ব আৰু তেওঁলোকে তেওঁলোকৰ সন্তানক, বিশেষকৈ নাবালকসকলক নিশা বাহিৰত থাকিবলৈ দিব নালাগে।
কংগ্ৰেছ গোৱা গোটৰ মুখপাত্ৰ এলটন ডি’কষ্টাই বৃহস্পতিবাৰে কৈছিল যে, উপকূলীয় ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে।
তেওঁ কৈছিল, “ৰাতি বাহিৰলৈ ওলাই যাওঁতে আমি কিয় ভয় কৰিব লাগে? অপৰাধীসকল কাৰাগাৰত থাকিব লাগে আৰু আইন পালনকাৰী নাগৰিকসকলে মুক্তভাৱে বাহিৰত ঘূৰি ফুৰিব লাগে।”
গোৱা ফৰৱাৰ্ড পাৰ্টিৰ বিধায়ক বিজয় সৰদেশাই ক’লে যে, মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ মন্তব্য দিয়াটো লজ্জাজনক। তেওঁ কয়, ‘নাগৰিকসকলৰ সুৰক্ষা আৰক্ষী আৰু ৰাজ্য চৰকাৰৰ দায়িত্ব। যদি তেওঁলোকে আমক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰী পদত বহি থকাৰ অধিকাৰ নাই তেওঁৰ।
“গোৱাত মহিলাসকল সুৰক্ষিত থকাৰ আছিল ইতিহাস”
নিৰ্দলীয় বিধায়ক ৰোহন খোণ্টেই টুইট কৰি কয়, “এয়া আচৰিত কথা যে, গোৱাৰ মুখ্যমন্ত্ৰীয়ে নিশা শিশুসকলক বাহিৰলৈ যাবলৈ দিয়াৰ বাবে তেওঁৰ পিতৃ-মাতৃক দোষাৰোপ কৰি দাবী কৰিছে যে নিশা বাহিৰলৈ যোৱাটো সুৰক্ষিত নহয়। যদি ৰাজ্য চৰকাৰে আমাৰ নিৰাপত্তাৰ আশ্বাস দিব নোৱাৰে, কোনে দিব পাৰে? গোৱাৰ মহিলাসকল সুৰক্ষিত থকাৰ ইতিহাস আছে কিন্তু বিজেপি চৰকাৰত ইয়াৰ টেগ হেৰুৱাই আছে।
সাৱন্তে সদনত কৈছিল, ‘আমি পোনপটীয়াকৈ আৰক্ষী আছে বুলি কও কিন্তু মই ক’ব বিচাৰো যে, এটা পাৰ্টীৰ বাবে সমুদ্ৰ তীৰত যোৱা ১০ গৰাকী ল’ৰা-ছোৱালীৰ ভিতৰত ৪ গৰাকী তাতেই থাকে। বাকী ৬ গৰাকী ঘৰলৈ গুচি আহে। দুগৰাকী কিশোৰ আৰু দুগৰাকী কিশোৰী গোটেই নিশা তাতেই থাকি যায়।’
উল্লেখ্য দেওবাৰে চাৰিজন লোকে গোৱাৰ ৰাজধানীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত বেনোলিম বীচত নিজকে আৰক্ষী বুলি অভিহিত কৰি কিশোৰী দুগৰাকীক ধৰ্ষণ কৰিছিল। তেওঁলোকে কিশোৰী দুগৰাকীক প্ৰহাৰো কৰিছিল। চাৰিজন অভিযুক্তৰ এজন চৰকাৰী কৰ্মচাৰী। সাৱন্তে বিধানসভাত কৈছিল যে, চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
Photo: Google
Discussion about this post